29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    দিল্লীৰ ৰঙা চকুৰ ভয়ত আঠু লোৱা বিজেপি চৰকাৰখনে নুবুজে জাতীয় চেতনা : লুৰীণ জ্যোতি গগৈ

    দিল্লীৰ ৰঙা চকুৰ ভয়ত আঠু লোৱা বিজেপি চৰকাৰখনে নুবুজে জাতীয় চেতনা : লুৰীণ জ্যোতি গগৈ –

    নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে অন্যান্য ৰাজনৈতিক দলৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদ দলেও নামনি অসমৰ বিলাসীপাৰাত বজালে ৰণশিঙা।

    শনিবাৰে বিলাসীপাৰাত অসম জাতীয় পৰিষদৰ এখনি জাতীয় জাগৰণ আৰু যোগদান সভা অনুষ্ঠিত হয়।

    সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি দলৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে শাসনাধিষ্ঠ বিজেপিৰ লগতে কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে।

    লুৰীণে কয়, ‘এইবাৰ অসম জাতীয় পৰিষদৰ নেতৃত্বত চৰকাৰ হ’বই। গতিকে বিজেপি দলৰ সাম্প্ৰদায়িক ভাবধাৰাৰ পৰা মুক্ত হৈ তথা কংগ্ৰেছ-এআইইউডিএফ দলৰ মিথ্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ অসম জাতীয় পৰিষদক নিৰ্বাচনত জয়ী কৰাওক’।

    দিল্লীৰ ৰঙা চকুৰ ভয়ত আঠু লোৱা চৰকাৰ খনে জাতীয় চেতনাক বুজি নাপাই বুলি মন্তব্য কৰি লুৰীণে অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু বিপিএফ মিলি ১২৬ টা সমষ্টিত এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি কয়।

    জাতীয় জাগৰণ আৰু যোগদান সভাত দলৰ মুখপাত্ৰ জিয়াউৰ ৰহমান প্ৰমুখ্যে কেইবাগৰাকী দলীয় নেতা উপস্থিত থাকে।

    স্থানীয় অৱসৰ প্ৰাপ্ত শিক্ষক হিৰণ্য নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিজেপি আৰু এআইইউডিএফ দলৰ পৰা অহা সহস্ৰাধিক নেতা-কৰ্মীয়ে জাতীয় পৰিষদত যোগদান কৰে।

    আৰু পঢ়ক : ভোটাৰক গ্লোভছ, কৰ’ণা আক্ৰান্তৰ বাবে পোষ্টেল বেলটৰ সুবিধা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং