27 C
Guwahati
Friday, September 17, 2021
More

    অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মুখত ইভিএম টেম্পাৰিঙৰ প্ৰসংগ, ক’লে বাজেটত কি আছে…

    সোমবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেটৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। বাজেটখন বুজি পোৱা নাই কৈ ‘প্ৰকৃততে এইখন বাজেট বিজেপিৰ কামৰ খতিয়ান নে পৰৱৰ্তী দিনৰ পৰিকল্পনা’ বুলি প্ৰশ্ন কৰে।

    ”বুজি পোৱা নাই এইখন তেওঁলোকে কামৰ খতিয়ান দিছে নে পৰৱৰ্তী দিনৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। কেৱল মাত্ৰ তেওঁলোকৰ লক্ষ্য, ব্যক্তিগত খণ্ডক এলআইচি অৰ্পন কৰিব। এয়াৰ ইণ্ডিয়া দিব। এইবোৰেই তেওঁলোকৰ লক্ষ্য। তাৰ পিছতো তেওঁলোকে চিকিৎসা বিভাগত বহু পইচা ধৰি দিছে। এইটো প্ৰয়োজনীয়তা আছে। কাৰণ কৰ’ণা হৈছে।… স্বাস্থ্য বিভাগৰ বহু কাম আছে।” গগৈয়ে এনেদৰে কয়।

    দেশৰ জিডিপিৰ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰে জিডিপি বৃদ্ধি কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি কয়। লুৰীণজ্যোতি গগৈয়ে কয়, ”ভাৰতৰ জিডিপিৰ ৰেট কেনেকৈ উত্তৰণ ঘটাব? এনে জিডিপি ইতিহাসত কেতিয়াও হোৱা নাছিল। এইবোৰ কেনেকৈ উৰ্ধমুখী দিশত যাব… সেই সম্পৰ্কত কোনো চিন্তা ধাৰা নাই। উদ্যোগ ব্যক্তিগত খণ্ডক গতাবলৈ তেওঁলোকে চিন্তা-চৰ্চা কৰিছে।”

    মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ সম্প্ৰদায়ৰ লোকক লৈ ভোটৰ প্ৰসংগত কৰা মন্তব্যৰো উত্তৰ দিয়ে লুৰীণজ্যোতি গগৈয়ে। গগৈয়ে কয়, ”মিয়া-মুছলমানসকল কি ভাৰতৰ মানুহ নহয় নেকি? ৩৫ শতাংশ মানুহ মিয়া মানে মুছলমানসকলক তেওঁলোকে অপমান কৰিছে। কেৱল মিয়া বা মুছলমানকে তেওঁলোকে অপমান কৰা নাই। ভাৰতবৰ্ষৰ সংবিধানক তেওঁলোকে অপমান কৰিছে। ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ চৰিত্ৰ আৰু ঐতিহ্যকো তেওঁলোকে অপমান কৰিছে। প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক আমি শ্ৰদ্ধা কৰো। আমি সকলোৱে সমিলমিলে চলিব লাগিব।”

    ইফালে বিজেপি আৰু কংগ্ৰেছৰ ১০০+ আসনৰ কথাকো নেতাগৰাকীয়ে সমালোচনা কৰে। তেখেতে আসনৰ কথা উল্লেখ কৰি ইভিএমত টেম্পাৰিং কৰাৰ অভিযোগ আনে। গগৈয়ে কয়, ”’১০০+’ মানে আমিতো নিজে কোৱা নাই। জনসাধাৰণক দিছো। আমাৰ হাতত ইভিএম মেনুপোলেশ্যন কৰাৰ ক্ষমতা নাই, যে আমি আগতীয়াকৈ কৈ দিব পাৰিম, ১০০ পাম বা ১০১ পাম। এইবাৰ ৰাইজে জাতীয় তাবাদৰ পক্ষত ভোট দিব।

    আৰু পঢ়ক : বকোৰ শালনিত ভয়ংকৰ পথ দুৰ্ঘটনা! আহত কেইবাজনো

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং