29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নিয়োগ সৃষ্টিৰ পৰিৱেশ গঢ়াই হ’ব অসম জাতীয় পৰিষদৰ অন্যতম প্ৰধান লক্ষ্য

    নিয়োগ সৃষ্টিৰ পৰিৱেশ গঢ়াই হ’ব অসম জাতীয় পৰিষদৰ অন্যতম প্ৰধান লক্ষ্য : আজি অসম জাতীয় পৰিষদৰ ‘আৰ্থ সামাজিক পৰিচালনা আৰু উন্নয়ন উপদেষ্টা পৰিষদ’ ( Socio-economic Planning & Development Advisory Council) ৰ প্ৰথমখন বৈঠক হোটেল গেটৱে গ্ৰেণ্ডয়ৰত অনুষ্ঠিত হয়।

    আজিৰ বৈঠকখনত আলোচকসকলে অসম ৰ অৰ্থনৈতিক উন্নয়ন আৰু অন্য সামাজিক সমস্যাসমূহ এটা এটাকৈ আলোচনা কৰি কোনটো সমস্যা সমাধানৰ সৰ্বোৎকৃষ্ট উপায় কি হ’ব পাৰে, তাৰ ওপৰত বিস্তৃত আলোচনা কৰে।

    উল্লেখযোগ্য যে প্ৰতিগৰাকী আলোচকেই ৰাজ্যৰ নিৱনুৱা সমস্যাক অৰ্থনৈতিক বিকাশৰ অন্যতম প্ৰধান অন্তৰায় হিচাপে চিহ্নিত কৰে আৰু ৰাজ্যবাসীৰ কৰ্মক্ষমতা আৰু কাম কৰাৰ সুযোগ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

    আলোচক সকলৰ মতে, ৰাজ্যৰ নিৱনুৱা লোকসকলক কামৰ সন্ধান দিয়া, কৰ্মক্ষম লোকসকলক অধিক কাম কৰা তথা আয় কৰাৰ সুবিধা প্ৰদান কৰিব পাৰিলে ৰাজ্যখনৰ দ্ৰুত অৰ্থনৈতিক বিকাশ সম্ভৱ। বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা হিতাধিকাৰী সৃষ্টি আচনিসমূহৰ প্ৰয়োগে ৰাজ্যত কৰ্মহীন লোকৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে কৰ্মহীনতাৰ এটা সংস্কৃতি গঢ়িব আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ হাৰ অধিক নিম্নগামী হ’ব বুলি আলোচকসকলে মত প্ৰকাশ কৰে।

    সেয়ে ৰাজ্যত কৰ্মসংস্কৃতি গঢ়াৰ লগতে নিয়োগ সৃষ্টিৰ জৰিয়তে উপাৰ্জন বৃদ্ধিৰ পৰিৱেশ গঢ় দিয়াটো জাতীয় পৰিষদৰ অন্যতম প্ৰধান লক্ষ্য হ’ব লাগে বুলি তেওঁলোকে মত পোষণ কৰে।

    আৰু পঢ়ক : গুণ্ডাগিৰি! বিনা কাৰণত শ্ৰমিকৰ গুপ্তাংগত প্ৰহাৰ বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং