29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ গোপন বুজাবুজি আছে : নগেন ডেকা

    হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ গোপন বুজাবুজি আছে :-

    ‘এইবাৰ অসমত একমাত্ৰ জাতীয়তাবাদৰ চৰকাৰ গঠন হ’ব। সাম্প্ৰদায়িকতা আৰু হিন্দু-মুছলমানৰ ৰাজনীতি শেষ কৰি সমাজখনক নতুন বাটৰে আগুৱাই নিবলৈ আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছো’। এই মন্তব্য অসম জাতীয় পৰিষদৰ নেতা তথা অসম জাতীয় পৰিষদ নলবাৰী জিলা সমিতিৰ সভাপতি নগেন ডেকাৰ।

    আজি অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী সমষ্টিৰ অন্তৰ্গত নাৰপাৰাৰ দতৰা আঞ্চলিক সমিতি গঠন কৰাৰ লগতে এখন যোগদান সভাত উপস্থিত থাকি তেওঁ শ্ৰীমন্ত শংকৰদেৱে দেখুৱাই যোৱা সমন্বয়ৰ আদৰ্শ অসমৰ মানুহৰ বাবে শক্তি হওক, সাহস হওক বুলিও মন্তব্য কৰে।

    উক্ত সভাত অংশগ্ৰহণ কৰি ডেকাই কয় যে-কা’ ৰ বিৰুদ্ধে ভোট দিয়া নাছিল বদৰ উদ্দিন আজমলে। বিজেপি আৰু এ আই ইউ ডি এফ দুয়োটাই সাম্প্ৰদায়িক দল। দুই সাম্প্ৰদায়িক দলৰ ভিতৰুৱা মিলন আছে। স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ গোপন বুজাবুজি আছে।

    বিজেপিয়ে সমাজখনক ভাগ ভাগ কৰাৰ বাবে উঠি পৰি লাগিছে বুলি মন্তব্য কৰি ডেকাই কয়, ‘যেতিয়াই ৰাইজে বাট-পথ, চিকিৎসাৰ উন্নয়ন,নিবনুৱা সমস্যা বা কৃষকৰ অধিকাৰৰ কথা কয় তেতিয়াই বিজেপিৰ নেতাসকলে মিঞা মিউজিয়াম, বদৰুদ্দিন আজমলৰ পিচপিনে আঁৰি থোৱা বেনাৰৰ কথা কয়। এতিয়া অসমত অসমীয়া বুলি পৰিচয় দিবলৈ ভয় হয়। পৰিচয় দিব লাগে হিন্দু-মুছলমান বুলি। কিন্তু আমি যদি অসমৰ স্বাভিমান ৰক্ষা কৰিব লাগে, মুৰ দাঙি জীয়াই থাকিব লাগে তেন্তে অসমীয়া জাতীয়তাবাদহে অসমত চলিবলৈ দিব লাগিব।’

    জাতীয়তাবাদী চৰকাৰ নহলে অসমৰ সম্প্ৰীতি থান বান হৈ যাব বুলি মন্তব্য কৰি নগেন ডেকাই।

    তেওঁ লগতে কয়, ‘বিজেপিয়ে আজমলৰ ভয় দেখুৱাই। অসমৰ মাটিৰ পৰা বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফকো উৎখাত কৰিব লাগিব। অসম জাতীয় পৰিষদৰ চৰকাৰ হ’লে আমি ‘কা’ বলবৎ হোৱাাত বাধা দিম। ‘কা’ এখন সাম্প্ৰদায়িক আইন। এই আইনৰ জৰিয়তে ধৰ্মীয় মেৰুকৰণ কৰি ভোট বেংক তৈয়াৰ কৰিব বিচাৰিছে বিজেপিয়ে। আমাৰ চৰকাৰ হ’লে নাগৰিকত্ব দিয়াৰ নামত হিন্দু-মুছলমানৰ ৰাজনীতি বন্ধ কৰিম । ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিচত অহা হিন্দু-মুছলমান কোনো বিদেশীৰ বোজা ল’বলৈ আমি প্ৰস্তুত নহয়’।

    অসম গণ পৰিষদক সমালোচনা কৰি তেওঁ কয় যে অসম গণ পৰিষদ নামটো সংগ্ৰহালয়ত থাকিব। তেওঁলোকৰ নেতা তিনিজনৰ লক্ষ্য কেৱল মাত্ৰ ক্ষমতা, মন্ত্ৰিত্ব। তেওঁলোকৰ কথা আলোচনা কৰিব নালাগে।

    ডেকাই-দিল্লীৰ চকুত চকু থৈ কথা কোৱা অসমৰ স্বাভিমান,ৰাজনৈতিক-সামাজিক অধিকাৰ ৰক্ষা কৰা চৰকাৰ গঠন কৰিবলৈ ৰাইজক আহ্বান জনায়।

    স্থানীয় নাৰপাৰাৰ দুৰ্গা মন্দিৰত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে সমাজকৰ্মী ঘনেশ‍্যাম কলিতাই।

    উক্ত সভাখনতে অঞ্চলটোৰ কংগ্ৰেছ ‘বিজেপি,অগপৰ প্ৰায় অৰ্ধ শতাধিক কৰ্মীয়ে অসম জাতীয় পৰিষদত যোগদান কৰে।

    নলবাৰী জিলাৰ সাংগঠনিক সম্পাদক মহেশ কলিতাই আঁত ধৰা সভাখনত অসম জাতীয় পৰিষদৰ নলবাৰী জিলাৰ সাধাৰণ সম্পাদক শৰৎ কলিতা, অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন কৃষক শক্তিৰ সাধাৰণ সম্পাদক ৰাতুল ৰঞ্জন চৌধুৰী, কাৰ্যনিৰ্বাহ সদস্য মাধৱ ডেকা, নলবাৰী জিলা সমিতিৰ সাংগঠনিক সম্পাদক লক্ষী দৈমাৰী, তথ্য প্ৰযুক্তিৰ তত্বাৱধানত হিতেশ মজুমদাৰকে ধৰি ভালেসংখ্যক নেতাই অংশগ্ৰহণ কৰি ভাষণ দিয়ে।

    উক্ত সভাতে ৰমেশ কলিতা, ৰাতুল ৰঞ্জন চৌধুৰী, কমলেশ্বৰ ভূঞাক উপদেষ্টা, আজগড় আলীক সভাপতি, ঘনেশ‍্যাম কলিতা, ৰামেশ্বৰ ভূঞা, গিয়াছউদ্দিন আহমেদ, যোগেশ লহকৰক উপসভাপতি, মইনূল হক চৌধুৰী, ধনজিৎ হালৈক আৰু জিতু মনি কলিতাক সম্পাদক হিচাবে লৈ অসম জাতীয় পৰিষদৰ দতৰা আঞ্চলিক সমিতিখন গঠন কৰা হয়।

    আৰু পঢ়ক :  অসমত মহাজোঁটবন্ধনৰ চৰকাৰ হ’ব: চত্তীছগড়ৰ মুখ্য মন্ত্ৰী ভূপেশ বাঘেল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।