
অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে তীব্ৰতৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহৰ চমকপ্ৰদ প্ৰচাৰ। ইয়াৰ উপৰি শাসক-বিৰোধী নেতাৰ তীব্ৰ সমালোচনামূলক মন্তব্যইও আকৰ্ষিত কৰিছে সাধাৰণ ভোটাৰ ৰাইজক। আজি অসম জাতীয় পৰিষদৰ উপ-সভাপতি তথা হাজো সমষ্টিৰ প্ৰাৰ্থী দুলু আহমেদে মনোনয়ন দাখিল কৰি হাজোৰ বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়া ক কঠোৰ সমালোচনা কৰে।
আহমেদে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি সুমন হৰিপ্ৰিয়া বিধায়ক পদৰ বাবে যোগ্য নহয় আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰহে যোগ্য বুলি কয়।
গোবৰেৰে কৰ’ণাৰ ভেকচিন প্ৰস্তুত কৰা সুমন হৰিপ্ৰিয়াৰ বাবে হাজোবাসী লজ্জিত বুলিও মন্তব্য কৰে দুলু আহমেদে।
আনহাতে হাজোত কংগ্ৰেছ দলে কিবা ক্ষতি কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কংগ্ৰেছ প্ৰতিদ্বন্দ্বিতাতে নাহে বুলি কয়।
উল্লেখ্য যে আজি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ আৰু হাজো সমষ্টিৰ প্ৰাৰ্থী দুলু আহমেদে এখন হেলিকপ্টাৰেৰে হাজোৰ বৰ্ণিত উপস্থিত হয়।
ইয়াৰ পিছতে এক বিশাল বাইক ৰেলীৰে দুলু আহমেদে আমিনগাঁওস্থিত উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে।
আৰু পঢ়ক : কৰ’ণাৰ এণ্টিবডীৰ সৈতে বিশ্বৰ প্ৰথমটো শিশুৰ জন্ম, গৰ্ভৱতী অৱস্থাত মাতৃয়ে লাভ কৰিছিল কৰ’ণাৰ ভেকচিন