অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ

0
118
ফটো সৌজন্য- ইণ্টাৰনেট

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী আন্দোলনৰ ফলশ্ৰুতিত জন্মলাভ কৰা নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ কৰে দলটোৰ নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে।

দলৰ ভিতৰচৰাৰ সাংগঠনিক কাম-কাজত অসন্তুষ্ট হৈ চিত্তৰঞ্জন বসুমতাৰীয়ে অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীত্বত চিত্তৰঞ্জন বসুমতাৰীয়ে অসম বিধানসভা নিৰ্বাচনত ধেমাজিৰ পৰা আৰু উপ-নিৰ্বাচনত মাজুলী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দুয়োবাৰে পৰাস্ত হ’বলগীয়া হৈছিল।

এক ফেইচবুক পোষ্ট যোগেও চিত্তৰঞ্জন বসুমতাৰীয়ে অসম জাতীয় পৰিষদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

ফেইচবুক পোষ্টটোত চিত্তৰঞ্জন বসুমতাৰীয়ে দলৰ পৰা পদত্যাগ কৰি এতিয়া তেওঁ ৰাজনৈতিকভাৱে মুক্ত বুলি উল্লেখ কৰে।