24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গোলাঘাটৰ খুমটাই সমষ্টিত জাহাজ লৈ নিৰ্বাচনী প্ৰচাৰ এজেপিৰ প্ৰাৰ্থীৰ

    ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহনলৈ মাজত মাত্ৰ কেইটামান দিন ৷ নিৰ্বাচনৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দলেই পূৰ্ণগতিত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷

    খুমটাই বিধানসভা সমষ্টিত কংগ্ৰেছ বিজেপিৰ সমানে সমানে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী পৱন শইকীয়াই গাঁৱৰ চুবুৰীয়ে চুবুৰীয়ে গৈ প্ৰচাৰ চলাইছে ৷

    পৱন শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰৰ মূল আকৰ্ষণ হৈছে এখন জাহাজ আকৃতিৰ বাহন ৷ জাহাজ আকৃতিৰ বাহনখন লৈ গাঁৱৰ সাধাৰণ ভোটাৰ সকলৰ মাজত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত পৱন শইকীয়াৰ লগতে দলীয় সতীৰ্থসকল ৷

    আঞ্চলিকতাবাদৰ দুৰ্গ হিচাপে পৰিগণিত খুমটাই সমষ্টিত এইবাৰ ৰাইজে বিজেপিৰ মৃণাল শইকীয়াক উফৰাই আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাব বুলি আত্মবিশ্বাসী পৱন শইকীয়া ৷

    আঞ্চলিকতাবাদী গান লগাই বৃহৎ আকাৰৰ জাহাজ আকৃতিৰ বাহনখন লৈ খুমটাইৰ বেতিয়নী গাঁৱৰ প্ৰতিটো চুবুৰীত এনেদৰে প্ৰচাৰ চলালে এজেপিৰ প্ৰাৰ্থীজনে ৷

    জাহাজখন হৈছে সমন্বয়ৰ প্ৰতীক,সাম্প্ৰদায়িকতাৰ বীজ সিঁচি জাতিটোক ভাগ ভাগ কৰাৰ পৰিকল্পনাক উফৰাই জাহাজৰ জৰিয়তে জাতি-জনগোষ্ঠীক একেলগ কৰি দিছপুৰলৈ যাত্ৰা আৰম্ভ কৰিব বিচাৰিছে অসম জাতীয় পৰিষদে ৷

    খুমটাই সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ’ব বুলি ১০০% আশাবাদী পৱন শইকীয়া ৷ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই পথ নিৰ্মাণৰ ফলক লগাই চমকৰ ৰাজনীতি কৰিছে বুলিও কটাক্ষ কৰে তেওঁ ৷

    পৱন শইকীয়া বিধায়ক হিচাপে নিৰ্বাচিত হ’লে প্ৰকৃতাৰ্থত উন্নয়ন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছে ৷ আগন্তুক ২৭ তাৰিখে ভোটগ্ৰহণত জাহাজৰ ছবিত পৱন শইকীয়াক ভোটদান কৰিবলৈ খুমটাই সমষ্টিবাসীক আহ্বান জনাইছে পৱন শইকীয়াই ৷ নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগেই এনেদৰেই সকলো প্ৰাৰ্থীয়েই সাধাৰণ জনতাৰ কাষ চপা পৰিলক্ষিত হৈছে ৷

    আৰু পঢ়ক : স্বামীয়ে পত্নীক হত্যা কৰি ওলোমাই ৰাখিলে চোতালতঃ মাতৃক বিচাৰি হিয়া ঢাকুৰি কান্দিছে ফুলকুমলীয়া দুই সন্তানে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং