22 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰাস্তাত বৰ ভিৰ! কিছু পলমকৈ উপস্থিত হোৱাত AJP প্ৰাৰ্থীৰ মনোনয়ন নল’লে ৰিটাৰ্ণিং বিষয়াই

    ৰাস্তাত বৰ ভিৰ! কিছু পলমকৈ উপস্থিত হোৱাত AJP প্ৰাৰ্থীৰ মনোনয়ন নল’লে ৰিটাৰ্ণিং বিষয়াই

    অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি আছিল প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিলৰ অন্তিম দিন।

    আজিৰ দিনটোত কেইবাজনো শীৰ্ষ নেতাই নিজৰ নিজৰ দলীয় সমৰ্থকক লগত লৈ দাখিল কৰে মনোনয়ন।

    কিন্তু ইয়াৰ মাজতে বকো সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দীপজ্যোতি দাসে মনোনয়ন দাখিল কৰাত ব্যৰ্থ হয়।

    মনোনয়ন পত্ৰ দাখিলৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ত কিছু পলমকৈ উপস্থিত হোৱাত অজাপৰ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন গ্ৰহণ কৰিবলৈ অমান্তি হ’ল বকো সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া কান্তা দাসে।

    ৩ বজাৰ পূৰ্বেই উপায়ুক্ত কাৰ্য্যালয় চৌহদত প্ৰৱেশ কৰাৰ পাছতো মনোনয়ন পত্ৰ গ্ৰহন নকৰাত ৰিটাৰ্ণিং বিষয়াগৰাকীৰ বিৰুদ্ধে ক্ষুন্ন হৈ পৰিছে দীপজ্যোতি দাস।

    ৰাজপথৰ যান-জঁটৰ বাবে কিছু পলম হ’ল যদিও নিৰ্বাচন আয়োগে বান্ধি দিয়া সময়ৰ ভিতৰতেই উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে দাসে।

    মনোনয়ন পত্ৰ দাখিল কৰিবলৈ নোপোৱাত ক্ষুন্ন হৈ পৰা অসম জাতীয় পৰিষদৰ বকো সমষ্টিৰ প্ৰাৰ্থী দীপজ্যোতি দাসে এই ক্ষেত্ৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

    আৰু পঢ়ক :  হায়ৰে, পৰীক্ষাৰ বহী নহয় এইবাৰ মনোনয়ন পত্ৰ নকল কৰিলে নিৰ্বাচন খেলিব লগা প্ৰাৰ্থীয়ে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং