24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ক্ষোভ, দলীয় সমৰ্থকেই প্ৰচাৰৰ সময়ত জ্বলাই দিলে অজাপৰ দলীয় পতাকা

    ক্ষোভ, দলীয় সমৰ্থকেই প্ৰচাৰৰ সময়ত জ্বলাই দিলে অজাপৰ দলীয় পতাকা

    ক্ষোভ, দলীয় সমৰ্থকেই প্ৰচাৰৰ সময়ত জ্বলাই দিলে অজাপৰ দলীয় পতাকা। পূব বিলাসীপাৰাত সংঘটিত হৈছে এই ঘটনা। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ডাঃ কানুলাল দাসে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱা বাইক ৰেলীতে অথন্তৰ।

    দলীয় কৰ্মী সমৰ্থকে জ্বলাই দিলে দলীয় পতাকা, ইমানেই নহয় অসম জাতীয় পৰিষদ মুৰ্দাবাদ, গ’ বেক ধ্বনিৰে উত্তাল বিলাসীপাৰা পূব সমষ্টি। অন্ত:কন্দলত দহিছে অসম জাতীয় পৰিষদৰ ভিতৰচঁৰা। মনোনয়ন পত্ৰ দাখিলৰ শুভক্ষণতে দলীয় কৰ্মী সমৰ্থকে হঠাতে জাঙুৰ খাই উঠিল পূব বিলাসীপাৰাত ।

    বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ বিশাল বাইক ৰেলী কৰি সমদল উলায়াইছিল। বাইকত পেট্ৰল সুমুৱাই দিব বুলি কোৱাত বহু যুৱকে নিজৰ নিজৰ বাইক খন লৈ ওলাই আহিছিল ডাঃ কানুলাল দাসৰ সমৰ্থনত।

    কিন্তু একাংশ বাইকত পেট্ৰল সুমুৱাই দি আন একাংশক ঘণ্টাৰ পিছত ঘণ্টা পেট্ৰল পাম্পত থিয় কৰাই থৈ দি অৱশেষত পেট্ৰল দিয়া নহয় বুলি কোৱাত জাঙুৰ খাই উঠে তেনে একাংশ লোকে।

    তাৰ পিছতে ক্ষোভতে দলীয় পতাকা জ্বলাই দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ৰেলীৰ পৰা উভতি যায় । এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিলাসীপাৰা পূব সমষ্টিত।

    আৰু পঢ়ক : বিপিএফত বৃহৎ খহনীয়া! দলে-বলে যোগদান কৰিলে বিজেপিত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং