29 C
Guwahati
Monday, September 20, 2021
More

    অজন্তা বাইদেউৰ দুৰ্দশা, নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ চাহ শ্ৰমিকৰ পৰা খালে পহুখেদা

    অজন্তা বাইদেউৰ দুৰ্দশা, নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ চাহ শ্ৰমিকৰ পৰা খালে পহুখেদা। গোলাঘাটৰ জামুগুৰি চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি।
    গোলাঘাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওগক পহুখেদা দিলে চাহ শ্ৰমিকৰ এটা দলে।

    আজি ১৪ মাৰ্চ তাৰিখে দিনৰ ভাগত চাহ বাগিচাখনত অজন্তা নেওগে এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ যায়। সভা চলি থকা অৱস্থাতে বাগিচাখনৰ একাংশ চাহ শ্ৰমিক আৰু আটছা কৰ্মীৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হয় আৰু দুয়োপক্ষৰ মাজত হতাহতিও লাগে।

    পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত সভা আধাতে সামৰি পলায়ন কৰে অজন্তা নেওগসহ তেওঁৰ সমৰ্থক সকলে। বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধিৰ নামত কৰা প্ৰৱঞ্চনাৰ প্ৰতিবাদতেই চাহ শ্ৰমিক আৰু আটছাৰ বিষয়ববীয়াসকলে তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি খেদি পঠিয়ালে অজন্তা নেওগক।

    আৰু পঢ়ক : UPPLক সমষ্টি এৰি দিব নালাগিছিল, বিজেপি ছেকেণ্ড হেণ্ড পাৰ্টীৰ দৰে, বিজেপি জয় হ’লেহে গুৰুত্ব বাঢ়িব

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং