20 C
Guwahati
Saturday, December 4, 2021
More

    নলবাৰীত ক’ভিডে স্বামীহাৰা কৰা ১৮ গৰাকী মহিলাক আঢ়ৈ লাখ টকাৰ চেক প্ৰদান

    নলবাৰীত ক’ভিডে স্বামীহাৰা কৰা ১৮ গৰাকী মহিলাক আঢ়ৈ লাখ টকাৰ চেক প্ৰদান

    বঙাইগাঁৱত আজি অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অংশ লৈ পোনে পোনে নলবাৰীত উপস্থিত হয় জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা বিত্ত মন্ত্ৰী অজন্তা নেওঁগ। 

    নলবাৰী চহৰত উপস্থিত হৈয়ে মন্ত্ৰীগৰাকীয়ে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা ব্যক্তিৰ বিধবা পত্নী তথা আত্মীয়ৰ হাতত প্ৰদান কৰে আঢ়ৈ লাখ টকাৰ চেক।

    নলবাৰীৰ উপায়ুক্তৰ কক্ষত আয়োজিত এক কাৰ্যসূচীত জিলাখনৰ ১৮ গৰাকী বিধবা মহিলাক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত মন্ত্ৰী অজন্তা নেওঁগে চেক প্ৰদান কৰে।

    মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত এইদৰে ক’ভিড আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা ব্যক্তিৰ পৰিয়ালক চেক প্ৰদান কৰি সংবাদ মাধ্যমৰ আগত অজন্তা নেওগে কয় যে আগন্তক মাহৰ ২৭ নবেম্বৰৰ ভিতৰত মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ কাম আৰম্ভ হ’ব।

    তিনিটা পৰ্যায়ত ঋণ ৰেহাই প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে লগতে জনায়।

    ইনপুট : হীৰক ডেকা

    আৰু পঢ়ক : লাচিত বৰফুকন ‘উত্তৰ-পূব ভাৰতৰ শিৱাজী’ : আৰ এছ এছৰ টুইটে লগাইছে খলকনি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং