বাল্য বিবাহক লৈ চলি থকা অভিযান মুছলমান বিৰোধী : মুখ্যমন্ত্ৰীক সমালোচনাৰ লক্ষ্য বদৰুদ্দিন আজমলৰ

0
118
ইছলাম ৰাষ্ট্ৰ গঠনৰ কথা কোৱা নাছিল আজমলে!ভিডিঅ' সন্দৰ্ভত কি ক'লে নেতা গৰাকীয়ে...
বদৰুদ্দিন আজমলৰ ফাইল ফটো

অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতে ৰাজ্যৰ আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। বাল্য বিবাহৰ গোচৰত এতিয়ালৈকে ২১৭০ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে দৰা আৰু তেওঁৰ পৰিয়ালৰ লোকৰ লগতে বিবাহ কৰোৱা পুৰোহিত আৰু মৌলৱী।

বাল্য বিবাহৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান বুলি অভিহিত কৰাৰ বিপৰীতে এ আই ইউ ডি এফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে এই কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে আৰক্ষীৰ এই সমগ্ৰ কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰি ইয়াক মুছলমান বিৰোধী বুলি অভিহিত কৰে।

এ আই ইউ ডি এফৰ নেতাগৰাকীয়ে কয়, ‘১৮ বছৰ বয়সৰ পূৰ্বে বিবাহ হ’ব নালাগে। আমিও ইয়াৰ পক্ষত আছো, কিন্তু চৰকাৰে যি কৰি আছে সেয়া গ্ৰহণযোগ্য নহয়। ই একেবাৰে মুছলমান বিৰোধী’।

বাল্য বিবাহ বিৰোধী অভিযানত গ্ৰেপ্তাৰ হোৱা লোকৰ ৯০ শতাংশই মুছলমান হ’ব বুলিও তেওঁ উল্লেখ কৰে।

দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ বাবেই বিজেপি শাসিত ৰাজ্যসমূহত হিন্দু-মুছলমানৰ মাজত বিভাজৰ ৰাজনীতি আৰম্ভ কৰা বুলিও গুৰুতৰ অভিযোগ আনে সাংসদ আজমলে।

উল্লেখ্য যে যোৱা ২৩ জানুৱাৰিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

এই সিদ্ধান্ত অনুসৰিয়েই ২ ফেব্ৰুৱাৰিৰ নিশাৰ পৰা বৰ্তমান পৰ্যন্ত ইয়াৰ বিৰুদ্ধে অভিযান তীব্ৰ ৰূপত চলি আছে।

উল্লেখ্য যে আজি অসম আৰক্ষীৰ মুখপাত্ৰ প্ৰশান্ত কুমাৰ ভূঞাই সংবাদ মাধ্যমৰ আগত কয়, ‘বাল্য বিবাহ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰৰ সংখ্যা বৃদ্ধি পাই আছে। আজি ৰাতিপুৱালৈকে আৰক্ষীয়ে ২১৭০ গৰাকী গ্ৰেপ্তাৰ কৰিছে’।