জিঅ’ৰ পূৰ্বেই আহিব এয়াৰটেল ৫জি, সুনীল মিট্টালে কৰিলে সদৰি- ‘অক্টোবৰ ১২ তাৰিখ’

0
187

জিঅ’ৰ পূৰ্বেই আহিব এয়াৰটেল ৫জি, সুনীল মিট্টালে কৰিলে সদৰি- ‘অক্টোবৰ ১২ তাৰিখ’। ৰিলায়েঞ্চ জিঅ’ই আজি সদৰি কৰে ৫জি কেতিয়াকৈ আহিব দেশক।

দীপাৱলীলৈ দেশক মেট্ৰ চহৰ সমূহত আহিব জিঅ’ৰ ৫ জি সেৱা। কিন্তু এই ঘোষণাৰ সমান্তৰালকৈ এয়াৰটেলৰ পৰাও আহে আন এক খবৰ।

এয়াৰটেলৰ অধ্যক্ষ সুনীল মিট্টালে ভাৰতত এয়াৰটেলৰ ৫ জি সেৱা ঘোষণা কৰিছে। সংবাদ মাধ্যমৰ আগত সুনীল মিত্তালে কয় যে, এয়াৰটেলে অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা দেশত ৫ জি সেৱা আৰম্ভ কৰিব।

ইফালে ভাৰত চৰকাৰেও অক্টোবৰৰ ১২ তাৰিখৰ পৰা ৫ জি সেৱা আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে।

সুনীল মিট্টালে এয়াৰটেলৰ ৫ জি সেৱাৰ সম্পৰ্কে মন্তব্য কৰি কয় যে, গ্ৰাহকসকলে ৫জিৰ সুবিধা গ্ৰহণ কৰিবলৈ কিছু পৰিমাণে অধিক মূল্য পৰিশোধ কৰিব লাগিব।

লগতে ইয়াকো কয় যে, এয়াৰটেল ৫ জিৰ বাবে নতুন আঁচনি আনিব নোৱাৰে কিন্তু তেওঁৰ প্ৰিমিয়াম আঁচনিত এই সেৱা যোগ দিব পাৰে।

টেলিকম মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শেহতীয়াকৈ কৈছিল যে ১২ অক্টোবৰৰ পৰা ভাৰতত ৫জি সেৱা আৰম্ভ হ’ব।

অৱশ্যে এয়াৰটেলে যদিও অক্টোবৰৰ প্ৰথম সপ্তাহ বুলি সদৰি কৰিছে কিন্তু এতিয়ালৈকে কোনো নিৰ্দিষ্ট তাৰিখ প্ৰকাশ কৰা নাই।