এয়াৰ হোষ্টেজৰ ঘৰত প্ৰৱেশ কৰি ধৰ্ষণ কৰিলে নেতাই, বুদ্ধিৰে কোঠাৰ ভিতৰত আৱদ্ধ কৰি ৰাখি খবৰ দিলে আৰক্ষীক

0
639

এয়াৰ হোষ্টেজৰ ঘৰত প্ৰৱেশ কৰি ধৰ্ষণ কৰিলে নেতাই, বুদ্ধিৰে কোঠাৰ ভিতৰত আৱদ্ধ কৰি ৰাখি খবৰ দিলে আৰক্ষীক। ধৰ্ষণৰ পাছতে যুৱতীয়ে প্ৰমাণৰ বাবে কৌশলেৰে ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখে ধৰ্ষণকাৰীক।

দক্ষিণ দিল্লীৰ মেহৰৌলি অঞ্চলত এই ঘটনা সংঘটিত হৈছে। এগৰাকী এয়াৰ হোষ্টেছক তেওঁৰ ঘৰৰ ভিতৰত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী স্থানীয় নেতাৰ বিৰুদ্ধে।

অভিযুক্তৰ নাম হৰজিৎ যাদৱ। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, যাদৱ অঞ্চলটোৰ এক ৰাজনৈতিক দলৰ ব্লক সভাপতি। বৰ্তমানে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তদন্ত চলি আছে।

আৰক্ষী উপায়ুক্তই ঘটনা সন্দৰ্ভত কয় যে, দেওবাৰে মেহৰৌলি আৰক্ষী থানাত ধৰ্ষণৰ বিষয়ে ফোন আহিছিল । সেই ফোনৰ পাছতে লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

তেতিাই ভুক্তভোগী যুৱতীয়ে কৈছিল যে হৰজিতে নিচাগ্ৰস্ত অৱস্থাত তাইৰ ঘৰলৈ আহি ধৰ্ষণ কৰে। তাই সুযোগ বুজি সেই কোঠাৰ ভিতৰতে আৱদ্ধ কৰি ৰাখে হৰজিতক।