এয়াৰ মাৰ্শ্বাল ভি আৰ চৌধুৰী হ’ব দেশৰ পৰৱৰ্তী বায়ু সেনা প্ৰধান

0
156
দেশৰ পৰৱৰ্তী বায়ু সেনা প্ৰধান হ'ব এইগৰাকী এয়াৰ মাৰ্শ্বাল.. জানো আহক...

এয়াৰ মাৰ্শ্বাল ভি আৰ চৌধুৰী হ’ব দেশৰ পৰৱৰ্তী বায়ু সেনা প্ৰধান

কেন্দ্ৰীয় চৰকাৰে এয়াৰ মাৰ্শ্বাল ভি আৰ চৌধুৰীক দেশৰ পৰৱৰ্তী বায়ু সেনা প্ৰধান হিচাপে নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান চৌধুৰী বায়ু সেনাৰ উপ-প্ৰধান।

বৰ্তমানৰ বায়ু সেনা প্ৰধান আৰ কে এছ ভাদোৰিয়াই অহা ৩০ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰিব। এয়াৰ মাৰ্শ্বাল ভি আৰ চৌধুৰীয়ে এই বছৰৰ ১ জুলাইত বায়ু সেনাৰ উপ-প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

বায়ু সেনাৰ উপ-প্ৰধান হোৱাৰ পূৰ্বে এয়াৰ মাৰ্শ্বাল চৌধুৰীয়ে ভাৰতীয় বায়ু সেনাৰ ৱেষ্টাৰ্ণ এয়াৰ কমাণ্ড (ডব্লিউএচি)ৰ কমাণ্ডাৰ-ইন-চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সংবেদনশীল লাডাখৰ লগতে উত্তৰ ভাৰতৰ অন্যান্য অংশৰ আকাশসীমা সুৰক্ষিত কৰাৰ দায়িত্ব এই ৱেষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ।

এয়াৰ মাৰ্শ্বাল চৌধুৰীক ১৯৮২ চনৰ ২৯ ডিচেম্বৰত বায়ু সেনাৰ যুঁজাৰু শাখাত অন্তৰ্ভুক্ত কৰা হৈছিল। ৩৮ বছৰীয়া কেৰিয়াৰত বিষয়াজনে ভাৰতীয় বায়ু সেনাৰ বিভিন্ন প্ৰকাৰৰ যুঁজাৰু আৰু প্ৰশিক্ষণ বিমান উৰুৱাইছে।

তেওঁৰ মিগ-২১, মিগ-২৩ এমএফ, মিগ-২৯ আৰু চুখোই-৩০ এমকেআই যুঁজাৰু বিমান উৰণৰ অনুভৱ আছে।

চৌধুৰী ৱেলিংটনৰ নেচনেল ডিফেন্স একাডেমী এণ্ড ডিফেন্স চাৰ্ভিচেছ ষ্টাফ কলেজৰ প্ৰাক্তন ছাত্ৰ।

এয়াৰ মাৰ্শ্বাল চৌধুৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছে। তেওঁ ফ্ৰণ্টলাইন ফাইটাৰ স্কোয়াড্ৰনৰ কমাণ্ডিং অফিচাৰো আছিল আৰু ফ্ৰণ্টলাইন ফাইটাৰ বেছকো কমাণ্ড কৰিছিল।

আৰু পঢ়ক : সৰভোগ সমষ্টিত বিদ্যুত চুৰিৰ বিৰুদ্ধে অভিযান, বহু ফ্ৰীজ, মটৰ, ফেন ইত্যাদি জব্দ