33 C
Guwahati
Monday, September 26, 2022
More

    বিদ্যালয়ত পাঠদানৰ সময়তে ভয়ংকৰ আক্ৰমণ! ৭ জন ছাত্ৰৰ থিতাতে মৃত্যু

    বিদ্যালয়ত পাঠদানৰ সময়তে ভয়ংকৰ আক্ৰমণ! ৭ জন ছাত্ৰৰ থিতাতে মৃত্যু

    এখন চৰকাৰী বিদ্যালয় আৰু এখন গাঁৱত চাৰি খন হেলিকপ্টাৰে আক্ৰমণ কৰে। আক্ৰমণটোত সাতটা শিশুসহ ১৩ জন লোক নিহত হয়।

    জানিব পৰা মতে যোৱা শুকুৰবাৰে দিনা হঠাতে দুখন হেলিকপ্টাৰে আক্ৰমণ কৰে। বিদ্যালয়খনৰ এগৰাকী প্ৰশাসকে কৈছিল যে তেওঁ শিক্ষাৰ্থীসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ চেষ্টা কৰিছিল।

    ঘটনাটো ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মান্দালয়ৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ দূৰত তাবায়িনৰ লেট ইয়ট কন গাঁৱত এই আক্ৰমণসংঘটিত হয়।

    যাক ডেপাইন বুলিও জনা যায়।বিদ্যালয়ৰ প্ৰশাসক মাৰ মাৰে কৈছিল যে আক্ৰমণটো হোৱাৰ লগে লগে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়খনৰ তলৰ বেচমেনলৈ স্থানান্তৰ কৰিবলৈ চেষ্টা কৰি আছিল ।

    কিন্তু তাৰ মাজতো ৭ জন ছাত্ৰৰ গাত গুলি লগাত তেওঁলোক থিতাতে নিহত হয়। আক্ৰমানকাৰীয়ে বিদ্যালয় খনৰ লগতে গাঁও খনটো আক্ৰমণ কৰে।

    চাৰিখন এমআই-৩৫ হেলিকপ্টাৰৰ ভিতৰত দুটা মেচিনগানেৰে আক্ৰমণ কৰে। আক্ৰমণত ফলত গাঁওখনৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীও মৃত্যু হয়। আক্ৰমণটো কোনে কিয় কৰিছিলে সেয়া বৰ্তমানেও জানিব পৰা নাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং