বানপানীৰ বাবে স্থগিত ৰখা অসম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ নতুন দিন ঘোষণা

0
631
উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো পৰীক্ষাৰ্থীকে উত্তীৰ্ণ কৰি দিয়া হ'ব, দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হ'ব সকলো ছাত্ৰ-ছাত্ৰী
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বানপানীৰ বাবে স্থগিত ৰখা অসম উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি এক নিৰ্দেশনাৰ জৰিয়তে পৰীক্ষাৰ দিন ঘোষণা কৰে।

নিৰ্দেশনাটোত উল্লেখ থকা অনুসৰি অহা ৬, ৭ আৰু ৮ জুনত অনুষ্ঠিত হ’ব প্ৰথম বৰ্ষৰ পৰীক্ষা।

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা যোৱা ১৮, ২০ আৰু ২১ মে’ত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৰাজ্যত হোৱা প্ৰলয়ংকাৰী বানপানীৰ বাবে পৰীক্ষা স্থগিত ৰাখিছিল।

বৰ্তমান ৰাজ্যৰ বান পৰিস্থিতি কিছু পৰিমানে উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আজি পৰীক্ষাৰ নতুনকৈ দিন ঘোষণা কৰে।