নিৰ্বাচন বনাম পৰীক্ষা ! নিৰ্বাচন আছে গতিকে বাতিল কৰিলে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা…

0
395

বানপানীৰ পিছত এইবাৰ নিৰ্বাচন!বাতিল হ’ল উচ্চতৰ মাধ্য়মিকৰ পৰীক্ষা…
অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অবিবেচকী কাণ্ড। ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে।প্ৰথমতে বানপানী এইবাৰ নিৰ্বাচন।
শুকুৰবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ৰাজ্যখনত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ তাৰিখ পুনৰ নিৰ্ধাৰণ কৰিছিল।

কিন্তু তাৰকেইঘণ্টামানৰ পিছতেই পুনৰ বাতিল কৰিলে উচ্চতৰ মাধ্য়মিক প্ৰথম বৰ্ষৰ পৰীক্ষা। কাৰণ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন।
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে পৰিষদে পুনৰ কাৰ্বি আংলঙত বাতিল কৰিলে পৰীক্ষা ।অৱশ্যে, পূৰ্বতে নিৰ্ধাৰিত হৈ থকা অনুসৰি ৬ জুনত জিলাখনত অনুসূচীত পৰীক্ষাঅনুষ্ঠিত হ’ব।

শেহতীয়া জাননীখনত কোৱা হৈছে, “অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত কাৰ্বি আংলং জিলাৰ প্ৰতিষ্ঠানসমূহৰ সকলো মুৰব্বীক জাননী দিয়া হৈছে যে ২০২২ চনৰ ৮ জুনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে,

২০২২ চনৰ ৭ আৰু ৮ জুনত অনুষ্ঠিত হ’বলগীয়া উচ্চতৰ মাধ্য়মিক প্ৰথম বৰ্ষৰ পৰীক্ষা ২০২২ ক্ৰমান্বয়ে বাতিল কৰা হৈছে। কিন্তু ২০২২ চনৰ ৬ জুনত অনুষ্ঠিত হ’বলগীয়া অনুসূচীত পৰীক্ষাসমুহ পূৰ্বৰ সময়তে অনুষ্ঠিত হ’ব।”

পৰিষদৰ এই পদক্ষেপৰ পিছতেই তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল । কিয়নো পৰিষদৰ এই সিদ্ধান্তই কেৱল ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।

আগতে ১৮ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া এইচ.এছ. প্ৰথম বৰ্ষৰ পৰীক্ষাবোৰ বানপানীৰ বাবে অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছিল।