আৰক্ষীৰ ওপৰত ছাত্ৰ সন্থাৰ গুৰুতৰ অভিযোগ, তদন্তৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

0
137
আৰক্ষীৰ ওপৰত ছাত্ৰ সন্থাৰ গুৰুতৰ অভিযোগ, তদন্তৰ নিৰ্দেশ মানৱ অধিকাৰ
প্ৰতিনিধিত্বমূলক চিত্ৰ

আৰক্ষীৰ ওপৰত ছাত্ৰ সন্থাৰ গুৰুতৰ অভিযোগ, তদন্তৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যৰ ওপৰত আৰক্ষীয়ে নিৰ্যাতন চলোৱা বুলি সংগঠনটোৱে উত্থাপন কৰা অভিযোগ সম্পৰ্কত তদন্ত কৰিবলৈ ডিব্ৰুগড় জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে অসম মানৱ অধিকাৰ আয়োগে।

ডিব্ৰুগড়ত ছাত্ৰ সন্থাৰ সদস্যৰ ওপৰত আৰক্ষীয়ে চলোৱা নিৰ্যাতন সম্পৰ্কে বিভিন্ন বাতৰি কাকতত প্ৰকাশ পোৱাৰ পিছত নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি মানৱ অধিকাৰ আয়োগে জিলা প্ৰশাসনলৈ এখন জাননী জাৰি কৰিছে।

ইয়াৰ পূৰ্বে ছাত্ৰ সংগঠনটোৱে অসম মানৱ অধিকাৰ আয়োগক নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিবলৈ আহ্বান জনাইছিল।

ছাত্ৰসন্থাৰ ওপৰত আৰক্ষীয়ে চলোৱা বৰ্বৰতা আৰু শ্বহীদৰ স্তম্ভ লণ্ড-ভণ্ড কৰাৰ বিৰুদ্ধে ছাত্ৰ সংগঠনটোৰ সদস্যসকলে ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ ওচৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

আছুৰ সভাপতি দীপাংক কুমাৰ নাথে তোলা অভিযোগ অনুসৰি ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰা আৰু তেওঁৰ এটা দলে ছাত্ৰ সংগঠনটোৰ জিলা কাৰ্যালয়ত প্ৰৱেশ কৰি আছুৰ সদস্যসকলক নিৰ্যাতন চলোৱাৰ লগতে শ্বহীদ স্তম্ভসমূহ ভৰিৰে মোহাৰি অপমান কৰে।

‘আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা দলে আছুৰ সদস্যসকলৰ ওপৰত বৰ্বৰভাৱে শাৰিৰীক নিৰ্যাতন আৰু ২৫ ডিচেম্বৰত আটক কৰি লৈ যোৱা সদস্যসকলক আৰক্ষীৰ জিম্মাত অমানৱীয় অত্যাচাৰ চলোৱাৰ অভিযোগ আছে য’ত পিছত মহাবিদ্যালয়ৰ নিৰ্বাচন কেন্দ্ৰিক সংঘাতত জড়িত থকাৰ অভিযোগত পাঁচজন সদস্যক গ্ৰেপ্তাৰ কৰে’, মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশনাত উল্লেখ আছে।

উল্লেখ্য যে ডিব্ৰুগড়ৰ এখন মহাবিদ্যালয়ৰ নিৰ্বাচনক লৈ হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে জিলাখনৰ আৰক্ষীয়ে ছাত্ৰ সন্থাৰ সদস্যক গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াকে লৈ এতিয়া ৰাজ্যৰ বিভিন্ন স্থানত সংগঠনটোৱে প্ৰতিবাদ অব্যাহত ৰাখিছে।

আৰু পঢ়ক : অৱশেষত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিলে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন…