16 C
Guwahati
Thursday, January 20, 2022
More

    এইবাৰ উকা হৈ থাকিব আঁহতগুৰিৰ পথাৰ, অনুষ্ঠিত নহয় ঐতিহাসিক ম’হ যুঁজ

    এইবাৰ উকা হৈ থাকিব আঁহতগুৰিৰ পথাৰ, অনুষ্ঠিত নহয় ঐতিহাসিক ম’হ যুঁজ

    উচ্চতম ন্যায়ালয়ে বাধা দিছিল ম’হ যুঁজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত। কিন্তু পৰম্পৰাৰ ৰক্ষাৰ নামত ন্যায়ালয়ৰ বাধাকো আঁতৰ কৰি বিগত বৰ্ষত কৰণাৰ মাজতেই অনুষ্ঠিত হৈছেল ৰাজ্যৰ ঐতিহাসিক ম’হ যুঁজ। পাছে মৰিগাঁও জিলাৰ আঁহতগুৰিত অনুষ্ঠিত হোৱা ম’হ যুঁজ এইবাৰ অনুষ্ঠিত নহয়।

    কভিড পৰিস্থিতিৰ বাবেই বাতিল কৰা হ’ল ঐতিহ্যমণ্ডি আঁহতগুৰি ম’হ যুঁজ। দিনে দিনে বৃদ্ধি পাই থকা কভিডৰ ভয়াৱহতাৰ বাবেই এই সিদ্ধান্ত ম’হ যুঁজ সমিতিৰ। সুৰক্ষা জনিত কাৰণৰ বাবেই একপ্ৰকাৰ এই যুঁজ বাতিল কৰিবলৈ বাধ্য হয় আয়োজক কমিটি।

    প্ৰতি বছৰে মাঘ মাহৰ এক তাৰিখে পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ আহিছিল এই ম’হ যুঁজ। আঁহতগুৰিৰ লগতে নগাঁও জিলাৰ ৰহাৰ দেওবালি, জাগিয়াল আদি অঞ্চলতো ৰাইজে প্ৰতিবছৰে অনুষ্ঠিত কৰে পৰম্পৰাগত ম’হ যুঁজ। কিন্তু এইবাৰ জানুৱাৰী মাহতে কৰণাৰ বৰ্ধিত আক্ৰান্তৰ সংখ্যাই চিন্তাত পেলাইছে আয়োজক কমিটি সকলক।

    উল্লেখ্য যে, এইবাৰ আঁহতগুৰিৰ পথাৰ ম’হ যুঁজৰ সোণালী জয়ন্তী বৰ্ষ আছিল। কিন্তু এই সোণালী জয়ন্তী বৰ্ষতেই গুণা ম’হৰ কোলা শিঙৰ জনজননীয়ে মুখৰ কৰি তোলা আঁহতগুৰিৰ পথাৰ উকা হৈ থাকিব ।

    আৰু পঢ়ক : ক’ত অনুষ্ঠিত হ’ব ২০২২ ৰ আই পি এল খেল, প্লেন ‘বি’ লিষ্টৰ শীৰ্ষত এই দুই দেশ, এখন ভাৰতবৰ্ষৰ চুবুৰীয়া

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং