28 C
Guwahati
Monday, September 26, 2022
More

    ভয়ংকৰ পথ দুৰ্ঘটনা ! ডিভাইদাৰত খুন্দা মাৰি খাৱৈত চিটিকি পৰিল বাছ

    ভয়ংকৰ পথ দুৰ্ঘটনা ! ডিভাইদাৰত খুন্দা মাৰি খাৱৈত চিটিকি পৰিল বাছ

    উত্তৰ প্ৰদেশত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত এখন ডাবল ডেকাৰ বাছ ডিভাইডাৰত খুন্দা মাৰি খাৱৈত পৰে ।

    দৰাচলতে বৃহস্পতিবাৰে নিশা এখন ডাবল ডেকাৰ বাছ দিল্লীৰ কাশ্মীৰী গেটৰ পৰা নিশা ৮ বজাত গোৰখপুৰলৈ ৰাওনা হৈছিল।

    কিন্তু নিশা প্ৰায় ১ মান বজাত চালক জনৰ টোপনি অহাত চিৰচাগঞ্জৰ ওচৰত ৰাজপথৰ ডিভাইদাৰত খুন্দা মাৰি তলৰ খাৱৈত চিটিকি পৰে। বাছ খনত ৩৬ জনকৈ যাত্ৰী আছিলে ।

    ৩৬ জন যাত্ৰীৰ ভিতৰত ১৮ জন যাত্ৰীয়ে গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত হয়। আহত সকলক চৈফাই চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনা স্থলীত চিৰচাগঞ্জ আৰু নাগলা খাংগাৰৰ আৰক্ষীৰ লোক উপস্থিত হয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং