কৰিমগঞ্জ জিলাৰ কেইবাগৰাকীও কংগ্ৰেছ দলৰ নিৰ্বাচিত জিলা পৰিষদৰ সদস্য, পঞ্চায়ত সভাপতি, আঞ্চলিক সদস্যসহ শতাধিক কংগ্ৰেছৰ বিষয়ববীয়াই শুকুৰবাৰে আনুষ্ঠানিকভাৱে অসম গণ পৰিষদত যোগদান কৰে। এই উপলক্ষ্যে যোগদানকাৰীসকলক আদৰণি জনাই দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, ”অসম গণ পৰিষদ দলে অসমৰ উন্নয়ণৰ স্বাৰ্থত মিত্ৰতাৰে অগ্ৰসৰ হৈছে। এই মিত্ৰ শক্তিৰ চৰকাৰে ৰাজ্যখনত অভিলেখ ধৰণে প্ৰতিটো ক্ষেত্ৰতে সফলতাৰ বাট বুলিছে। দলে নিৰ্দিষ্ট কৰ্মসূচী আৰু পৰিকল্পনাৰে অসমৰ জনসাধাৰণৰ স্বাৰ্থত কাম কৰিবলৈ অংগীকাৰবদ্ধ।”

কংগ্ৰেছ আৰু এআইইউডিএফ অসমৰ জাতীয় জীৱনৰ বাবে কলংকিত শক্তি বুলিও নেতাগৰাকীয়ে কয়। কলা অধ্যায়ৰে আৱৰি থকা কংগ্ৰেছৰ ইতিহাস অসমক ধ্বংস কৰা ইতিহাস বুলি বৰাই মন্তব্য কৰে। যোগদান অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়া, বিমলেন্দু সিংহ, উপ-সভাপতি সুনীল ডেকাৰ লগতে আন বহু লোক উপস্থিত থাকে।

আৰু পঢ়ক : বকোত ড্ৰাগছৰ খেতি, আৰক্ষীয়ে বিঘাই বিঘাই নষ্ট কৰিলে পপী ফুলৰ খেতি