পাঁচটা সমষ্টিত বিজেপিৰে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অগপই, দেওবাৰে ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা

0
174
অগপ সভাপতি অতুল বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু! নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ
ফাইল ফটো

আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যখনত কমেও পাঁচটা সমষ্টিত বিজেপিৰ সৈতে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অসম গণ পৰিষদ দলে।

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাটে চৰম ৰূপ লোৱাৰ অন্তত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই আজি এই কথা ঘোষণা কৰে।

নতুন দিল্লীৰ পৰা উভতি আহি গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয়, ‘আগন্তুক নিৰ্বাচনত লখিমপুৰ, নাহৰকটীয়া, পাথাৰকান্দি, পলাশবাৰী আৰু কমলপুৰত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব’।

মন কৰিবলগীয়া কথা এইটোৱে যে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া সমষ্টি পাঁচটা ৰ ভিতৰত তিনিটা সমষ্টিত অগপৰ বিধায়ক আছে।

যোৱা বিধানসভা নিৰ্বাচনত কমলপুৰৰ পৰা সত্যব্ৰত কলিতা, নাহৰকটীয়াৰ পৰা নৰেন সোণোৱাল আৰু লখিমপুৰৰ পৰা উতপল দত্তই বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছিল।

কিন্তু এইবাৰ এই তিনিওজনকে প্ৰাৰ্থিত্ব প্ৰদান নকৰি সমষ্টি কেইটা বিজেপিক এৰি দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আনকি বিধায়ক সত্যব্ৰত কলিতাই দলীয় নেতৃত্বক তীব্ৰ সমালোচনা কৰি তেওঁ আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি সভাপতি অতুল বৰাক একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে।

ইফালে অগপৰ প্ৰতিষ্ঠাপক সভাপতি, দুবাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ১৯৯১ চনৰ পৰা ধাৰাবাহিকভাৱে জয়ী হৈ অহা বঢ়মপুৰৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তকো টিকটৰ পৰা বঞ্চিত কৰি সমষ্টিটো বিজেপিক এৰি দিছে।

ইয়াকে লৈ ইতিমধ্যে আৰম্ভ হৈছে প্ৰতিবাদ।    

উল্লেখ্য যে শুকুৰবাৰে নতুন দিল্লীত অগপ নেতৃত্বক লগত লৈ বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছিল।

প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া মুঠ ৮৬টা সমষ্টিৰ ৭০টা সমষ্টিৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছিল।

১২৬টা সমষ্টিৰ ভিতৰত বিজেপিয়ে অসম গণ পৰিষদ দলক ২৬টা আৰু ইউপিপিএল দলক ৮টা সমষ্টি এৰি দিছে।

ইফালে অগপ দলে দেওবাৰে প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব বুলি মন্তব্য কৰিছে দলৰ সভাপতি অতুল বৰাই।       

আৰু পঢ়ক : কেন্দ্ৰীয় চৰকাৰে কৰ’ণা নিয়ন্ত্ৰণৰ বাবে মহাৰাষ্ট্ৰ, পাঞ্জাৱলৈ প্ৰেৰণ কৰিলে উচ্চস্তৰীয় দল