অগ্নিপথ আঁচনি; যুৱক-যুৱতীসকলক ৪ বছৰৰ বাবে নিযুক্তি দিয়া হ’ব সেনা বাহিনীত

0
538
ঘৰৰ ভিতৰত প্ৰৱেশ কৰি বিশেষ আৰক্ষী বিষয়াক হত্যা উগ্ৰপন্থীৰ
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ঘোষণা কৰিলে অগ্নিপথ আঁচনি। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে তিনিওজন সেনা প্ৰধানৰ সৈতে এক সংবাদমেলত এই কথা ঘোষণা কৰে।

এই উপলক্ষে তেওঁ কয় যে ভাৰতীয় সেনা বাহিনীক বিশ্বৰ শ্ৰেষ্ঠ সেনা হিচাপে গঢ়ি তোলাৰ দিশত আজি সংসদীয় নিৰাপত্তা সমিতিয়ে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰাজনাথ সিঙে কয় যে আজি আমি ‘অগ্নিপথ’ নামৰ এক পৰিৱৰ্তনশীল আঁচনিৰ নাম ঘোষণা কৰিছো যিয়ে আমাৰ সশস্ত্ৰ বাহিনীত পৰিৱৰ্তন আনিব। দেশৰ যুৱক-যুৱতীসকলৰ বাবে চাৰি বছৰীয়া নিযুক্তি পৰিকল্পনা। এই যুৱক-যুৱতীসকলৰ নাম হ’ব অগ্নিবীৰ।

তেওঁ কয় যে ‘অগ্নিপথ’ আঁচনিৰ অধীনত ভাৰতীয় যুৱক-যুৱতীসকলক ‘অগ্নিবীৰ’ হিচাপে সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰা হ’ব। দেশৰ নিৰাপত্তা সুদৃঢ় কৰাৰ লগতে আমাৰ যুৱক-যুৱতীসকলক সামৰিক সেৱাৰ সুযোগ দিয়াৰ বাবে এই আঁচনি অনা হৈছে।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে আপোনালোক সকলোৱে নিশ্চিতভাৱে একমত হ’ব যে সমগ্ৰ জাতিটোৱে বিশেষকৈ আমাৰ যুৱক-যুৱতীসকলে সশস্ত্ৰ বাহিনীক সন্মান কৰে। জীৱনৰ কোনোবা এটা সময়ত প্ৰতিটো শিশুৱে সেনাবাহিনীৰ ইউনিফৰ্ম পিন্ধিবলৈ আকাংক্ষা কৰে।

চাৰি বছৰ সেৱাৰ সময়ছোৱাত দিয়া হ’ব ভাল দৰমহা আৰু সুবিধা। তিনিওটা সেৱাৰ মুৰব্বীসকলে দুসপ্তাহ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৈনিক নিযুক্তিৰ বাবে অগ্নিপথ আঁচনিৰ বিষয়ে অৱগত কৰিছিল।

অগ্নিপথ নিযুক্তি আঁচনিৰ বিশেষ বৈশিষ্ট্য-

১/ সেনাবাহিনীত নিযুক্তি মাত্ৰ চাৰি বছৰৰ বাবে হব।

২) চাৰি বছৰীয়া জোৱানৰ নাম অগ্নিবীৰ।

৩) চাৰি বছৰৰ পাছত সৈন্যৰ সেৱাৰ পৰ্যালোচনা কৰা হ’ব। পৰ্যালোচনাৰ পিছত একাংশ জোৱানৰ সেৱা বৃদ্ধি কৰিব পাৰিব। বাকীবোৰ অৱসৰ লোৱা হ’ব।

৪/ চাৰি বছৰীয়া চাকৰি এটাত ছয়-ন মাহৰ প্ৰশিক্ষণো থাকিব।

৫/ অৱসৰৰ পিছত পেঞ্চন নাপাব, কিন্তু এককালীন পৰিমাণৰ ধন দিয়া হ’ব।

৬) বিশেষ কথাটো এয়া যে এতিয়া সেনাৰ ৰেজিমেণ্টবোৰ জাতি-ধৰ্ম আৰু অঞ্চল অনুযায়ী নিযুক্তি দিয়া নহ’ব, বৰঞ্চ দেশবাসী হিচাপেহে হ’ব। অৰ্থাৎ যিকোনো জাতি, ধৰ্ম আৰু অঞ্চলৰ যুৱক-যুৱতীয়ে যিকোনো ৰেজিমেণ্টৰ বাবে আবেদন কৰিব পাৰে।  

৭) আঁচনিখনৰ সেউজ সংকেত পোৱাৰ পাছত আগষ্ট মাহৰ পৰা নিযুক্তি ৰেলী আৰম্ভ হ’ব আৰু সেনাবাহিনীত (সেনা, নৌসেনা আৰু বায়ুসেনাত) নিযুক্তি আৰম্ভ হ’ব৷