CAA সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলে ৰাষ্ট্ৰসংঘ

ৰবীশ কুমাৰে ক'লে যে CAA এখন বৈধ আৰু ভাৰতীয় সংবিধানৰ মূল্য পালন কৰা এখন আইন। এয়া আমৰ আভ্যন্তৰীণ বিষয় আৰু ভাৰতীয় সংসদৰ আইন গঢ়ি তোলাৰ সার্বভৌম শক্তি আছে

0
75

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত। উচ্চয়ুক্তই ইয়াৰ বিষয়ে জেনেভাস্থিত ভাৰতৰ স্থায়ী ৰাষ্ট্ৰদূতক জনায়। এই কথা জনালে ভাৰতীয় বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে। ৰবীশ কুমাৰে ক’লে যে CAA এখন বৈধ আৰু ভাৰতীয় সংবিধানৰ মূল্য পালন কৰা এখন আইন। এয়া আমৰ আভ্যন্তৰীণ বিষয় আৰু ভাৰতীয় সংসদৰ আইন গঢ়ি তোলাৰ সার্বভৌম শক্তি আছে।

বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে ক’লে যে, আমাৰ স্থায়ী ৰাষ্ট্ৰদূতক জেনেভাত এই কথা জনোৱা হৈছিল যে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ প্ৰধানৰ কাৰ্যালয়ৰ পৰা CAA সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত হস্তক্ষেপ আৱেদন দাখিল কৰিছে।