
পুনৰ ডাইনী সন্দেহত এগৰাকী বিধৱা মহিলাক নিৰ্মম ভাৱে হত্যা। ৰাজ্যত সংঘটিত হৈছে এই ডাইনী সন্দেহৰ নৃশংস হত্যাকাণ্ড।
এইবাৰৰ স্থান বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী কোকৰাঝাৰ জিলাৰ বেঙাইঝোৰা গাঁৱত। ডাইনী সন্দেহত হত্যা কৰে বেঙাইঝোৰা গাঁৱৰ মহিলা পানো হাসদা নামৰ ৫৬ বছৰীয়া বিধৱা মহিলা গৰাকীক।
হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে গাঁও খনৰে নৰেশ হেমব্ৰম(২৮) আৰু বাজুন হেমব্ৰমক (২২)।
নৰেশ হেমব্ৰম সম্বন্ধত হত্যাৰ বলি হোলা পানো হাসদাৰ দেৱৰেক আৰু বাজুন হেমব্ৰম পুতেক হয়।
পিছত ঘটনাস্থলীত টিপকাই আৰক্ষী চকীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত নৰেশ আৰু বাজুনক আৰক্ষী চকীলৈ লৈ যায়।
সমগ্ৰ ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Input and Photo – Afrajul Islam