PFIৰ বিৰুদ্ধে কঠোৰ দেশৰ লগতে অসম আৰক্ষী, অসমত পুনৰ আটক পি এফ আইৰ নেতা

0
670

PFIৰ বিৰুদ্ধে কঠোৰ দেশৰ লগতে অসম আৰক্ষী, অসমত পুনৰ আটক পি এফ আইৰ নেতা

প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্য়াহত ৰাখিছে ষ দেশৰ লগতে অসম আৰক্ষীয়ো সষ্টম হৈ পৰিছে এই পি এফ আইৰ বিৰুদ্ধে। সেই পি এফ আইয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

ইডিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি পিএফআইয়ে এই বছৰৰ জুলাইত বিহাৰৰ ৰাজধানী পাটনাত হোৱা এক ৰেলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰাৰ এক ভয়ংকৰ পৰিকল্পনা কৰিছিল। এই অপাৰেছনৰ নাম আছিল ‘অপাৰেছন অক্টোপাছ’।

এই তথ্য সদৰি হোৱাৰ পাছতে পি এফ আইৰ বিৰুদ্ধে ক্ষীপ্ৰতৰ কৰি তুলিছে অভিযান। বৰ্তমানলৈ দেশৰ বিভিন্নপ্ৰান্তৰ লগতে অসমতে বহু কেইগাৰকী পি এফ আইৰ নেতা-কৰ্মীৰ লগতে সদস্য আটক কৰিছে অসম আৰক্ষীয়ে।

২২ ছেপ্টেম্বৰত ১১ খন ৰাজ্যত এন আই এ, ইডি আৰু ৰাজ্যিক আৰক্ষীৰ এটা যুটীয়া দলে চলোৱা ধাৰাবাহিক অভিযানত ১০৬ জনতকৈও অধিক পিএফআই সদস্যক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমানলৈ সমগ্ৰ দেশত ১৭০জনৰো অধিক পিএফআই কৰ্মীক আটক কৰিছে আৰক্ষীয়ে।

দেশৰ ৭খন ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট, অসম, কৰ্ণাটক, দিল্লী, মহাৰাষ্ট্ৰত পিএফআইৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰক্ষীৰ।

সোমবাৰে নিশা চলা অভিযানত পুনৰ জালত পৰে ৮জন পি এফ আইৰ নেতা–সদস্য। দক্ষিণ কামৰূপ, বৰপেটা, মঙলদৈ আৰু বৰপেটাৰ পৰা আটক এই ৮ পি আফ আইৰ নেতা।

এই অভিানতে আটক খুৰশ্বেদ আলম, ছহিদুল ইছলাম, ৰুহুল আমিন, সদাগৰ আলী, ছালেমা য়াছমিতা, ৰফিকুল ইছলাম আৰু আছিক ইকবালক।

আনহাতে পুৱতি নিশা দৰং জিলাৰ সভাপতি আনিছ আহমেদকো আটক কৰে আৰক্ষীয়ে। ২০১৫–২০১৬লৈ পি এফ আইৰ জিলা সভাপতি আছিল আনিছ আহমেদ। দলগাঁৱৰ পৰা আটক আনিছ আহমেদক।

আনিছ আহমেদ পূৰ্বে পি এফ আইৰ সভাপতি হোৱাৰ লগতে বৰ্তমানে অসম ইমাম এছোচিয়েনৰ ৰাজ্যিক সাধাৰণ সম্পাদক। তাৰোপৰি জমিয়াত উলেমা হিন্দৰ সৰ্বভাৰতিয় কাৰ্যনিৰ্বাহক সদস্য।

আটক হোৱাৰ পাছতে আৰক্ষীক দিয়া ভাষ্য অনুসৰি, আনিছ আহমেদ পূৰ্বে জিলা সভাপতি হৈ আছিল কিন্তু পদত্যাগ কৰা বুলি আৰক্ষীৰ আগত প্ৰকাশ। কিন্তু সেই সন্দৰ্ভত কোনো নথি পত্ৰ দাঙি ধৰিব পৰা নাই আৰক্ষীৰ ওচৰত।

বৰ্তমানে দলগাঁও থানাতে ৰখা হৈছে আনিছ আহমেদক। সোধপোছৰ বাবে নিয়া (NIA) উপস্থিত হোৱাৰ সম্ভাৱনা।