
সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দল গঠন কৰাৰ বাবে কাম কাজ আৰম্ভ কৰাৰ পিছতে আছুৰ ভিতৰভাগত সৃষ্টি হৈছে ভিন্ন প্ৰতিক্ৰিয়াৰ। সংগঠন ত্যাগ কৰাৰ পিছতে সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি আছুৰ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সীমান্ত ঠাকুৰীয়াই।
সংবাদমেল সম্বোধন কৰি আছুৱে দল গঠন কৰা কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে সভাপতি দীপাংক কুমাৰ নাথৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ উজাৰে নেতাগৰাকীয়ে। সভাপতি নাথে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকো অপমান কৰাৰ অভিযোগ ঠাকুৰীয়াৰ।
আছুৰ সংবিধান উলংঘা কৰি দল গঠন কৰা হৈছে বুলিও নেতাগৰাকীয়ে অভিযোগ কৰে। তেওঁৰ মতে, আছুত একনায়কত্ববাদ চলাইছে সভাপতিয়ে। ২৬ বছৰে আছুৰ সৈতে থকা নেতাগৰাকীয়ে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক সন্মান কৰো বুলি উল্লেখ কৰি ৯ ছেপ্টেম্বৰত মৌখিক নিৰ্দেশ মৰ্মে সভাপতি দীপাংক কুমাৰ নাথে সদৌ গুৱাহাটী ছাত্ৰ সন্থা ভংগ কৰাৰ বাবে নিৰ্দেশ দিয়াৰ অভিযোগ কৰে।
তেওঁ কয়, ”সভাপতি নাথৰ নিৰ্দেশ মৰ্মে ৩ অক্টোবৰত এখন পত্ৰযোগে সমিতিখন ভংগ কৰে। যিটোত মই জ্ঞাত নাছিলো। এইবাবে মই মোৰ অনুজসকলৰ ওচৰত লজ্জিত হৈছো। এই প্ৰসংগত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, বিপুল ৰাভা আৰু তপন কলিকাত প্ৰশ্ন কৰাত তেওঁলোকো জ্ঞাত নাছিল বুলি জানিবলৈ দিয়ে। দীপাংক কুমাৰ নাথে মানসিক আতিশয্য চলোৱা অনুভৱ কৰি আহিছো।”
দীপাংক কুমাৰ নাথৰ বাবে সমুজ্জ্বল ভট্টাচাৰ্যৰ লগতে আমি লজ্জিত হৈছো বুলিও কয় নেতাগৰাকীয়ে। ”সভাপতিৰ নেতৃত্বত সংবিধান বাৰে বাৰে উলংঘা কৰি অহা দেখিছো। সংবিধান মতে কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত হ’ব নোৱাৰিব আছু। যাৰ বাবে মই তেওঁক (দীপাংক কুমাৰ নাথ) আছু ত্যাগ কৰি ৰাজনৈতিক দলত যোগ দিয়াৰ বাবে আহ্বান জনাইছো।
উল্লেখ্য যে, বৃহস্পতিবাৰে সীমান্ত ঠাকুৰীয়াই আছু ত্যাগ কৰাৰ পিছতে সোমবাৰে পুনৰ ৩ গৰাকী নেতাই আছু ত্যাগ কৰিছে। তেওঁলোক হৈছে, কামৰূপ মহানগৰ জিলা কাৰ্যনিৰ্বাহক ৰকিবুল আহমেদ, দক্ষিণ গুৱাহাটী ছাত্র সন্থাৰ উপদেষ্টা আমিনুল হক, পুৱ গুৱাহাটী ছাত্র সন্থাৰ উপদেষ্টা প্ৰাণজিৎ দাস।