NIAৰ আদালতত অখিল গগৈ, পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ

আজি NIAৰ আদালতত পুনৰবাৰ জেৰা চলোৱা হয় অখিল গগৈৰ ওপৰত

0
44

আজি গুৱাহাটীৰ চানমাৰীস্থিত NIAৰ আদালতত হাজিৰ কৰোৱা হয় কৃষক নেতা অখিল গগৈক। কৃষক নেতাগৰাকীক দিনৰ ১১ বজাত অনা হয় আদালতলৈ। NIAৰ গোচৰৰ ভিত্তিত পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ অখিল গগৈক। নেতাগৰাকীয়ে জামিন পাইছিল যদিও উচ্চ ন্যায়ালয়ে দিছিল স্থগিতাদেশ। স্থগিতাদেশৰ পিছতে পুনৰ অখিল গগৈক গ্ৰেপ্তাৰ।

উল্লেখ্য যে ইতিমধ্যে কেইবাটাও গোচৰত বহু মাহ ধৰি কাৰাবাস খাটিবলগীয়া হৈছে অখিল গগৈয়ে। ইটোৰ পিছত সিটো গোচৰত গ্ৰেপ্তাৰ কৰি আহিছিল আৰক্ষীয়ে। আজি NIAৰ আদালতত পুনৰবাৰ জেৰা চলোৱা হয় অখিল গগৈৰ ওপৰত। এই বিষয়ে জানিবলৈ দিছে অখিল গগৈৰ অধিবক্তাই।

আনহাতে সমবেত হোৱা সাংবাদিক সকলক এখন পত্ৰ দিয়ে অখিল গগৈয়ে। পত্ৰত লিখিছে ‘এতিয়া অসমত একনায়কত্ববাদ চলিছে’,’কেৱল এজন মানুহেই লয় সকলো সিদ্ধান্ত’।

Photo Credit: @dhrubaborah