জুবিনৰ পাছত এইবাৰ জুবলীৰ অনুষ্ঠানত মাৰপিটৰ ঘটনা:- জুবিনৰ পাছত এইবাৰ জুবলীৰ অনুষ্ঠানত মাৰপিটৰ ঘটনা। কালি নিশা জুবলী বৰুৱাৰ অনুষ্ঠানত সংঘটিত হয় মাৰপিটৰ ঘটনা ।
কলিয়াবৰ মহাবিদ্যালত কালু নিশা সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানৰ দ্বিতীয় দিন আছিল।
সেই নিশা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবলী বৰুৱাই গীত পৰিবেশন কৰি আছিল। পাছে অনুষ্ঠান চলি থকাৰ মাজতে সৃষ্টি হয় এক মাৰপিটৰ ঘটনা ।

যি ঘটনাত আহত হয় এজন যুৱক । মাৰপিটৰ ঘটনাৰ খবৰ লাভ পাছতেই ঘটনাস্থলীত উপস্থিত হয় কলিয়াবৰ আৰক্ষী। কলিয়াবৰ আৰক্ষীয়ে নিশাই যুৱকজনক ভৰ্তি কৰাই হাস্পতালত।
পাছে আঘাত কিছু গুৰুতৰ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে ।
Input and photo – Dipu Bora
আৰু পঢ়ক :- বিষনাশক খাই বহিল বিয়াত, বিয়াৰ পাছতে নতুন ঘৰৰ সলনি কইনা পালেগৈ জি এম চি এইচ