
পুনৰ ৰাজধানী দিল্লীত আম আদমী পাৰ্টীৰ বৃহৎ জয়। অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আপে ৬৩খন আসন লাভ কৰে আৰু ইফালে বিজেপিয়ে মাত্ৰ ৭খন আসনতে সন্তুষ্ট থাকিবলগীয়া হয়। তৃতীয়বাৰলৈ দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদ সম্ভালিব কেজৰিৱালে।
বৃহৎ জয়ৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী সমৰ্থকৰ সন্মুখত ওলাই আহে। কেজৰিৱালে কয় যে দিল্লীবাসী আশ্চৰ্যজনক কাম কৰিছে আপোনালোকে, দিল্লীবাসীয়ে তৃতীয়বাৰৰ বাবে নিজৰ পুত্ৰৰ ওপৰত বিশ্বাস ৰাখিছে। এই জয় সেইসকল পৰিয়ালৰ জয় যিসকলে মোক পুত্ৰ বুলি ভাবি সমৰ্থন কৰিছে। দিল্লীৰ লোকসকলে নতুন ধৰণৰ ৰাজনীতিৰ জন্ম দিছে।
অৰবিন্দ কেজৰিৱালে ক’লে যে দিল্লীৰ লোকসকলে এটা বাৰ্তা প্ৰেৰণ কৰিছে ভোট তাক দিব যিয়ে স্কুল নিৰ্মাণ কৰিব, যিয়ে ঘৰ-ক্লিনিক নিৰ্মাণ কৰিব। এই ৰাজনীতিয়ে দেশক ২১সংখ্যক যুগলৈ লৈ যাব, এই জয় ভাৰত মাতাৰ জয়। লগতে কেজৰিৱালে ক’লে যে আজি মঙলবাৰ আৰু আজি হনুমান জীৰ দিন, হনুমান জীক বহুত বহুত ধন্যবাদ।
ঐতিহাসিক জয়ৰ পিছত অৰবিন্দ কেজৰিৱাল উপস্থিত হয় সমৰ্থকৰ মাজত। কাৰ্যালয়ত নেতাসকলে তেওঁলোকক সম্ভাষণ জনায়। ‘লগে ৰহো কেজৰিৱাল’ গানত সমৰ্থকৰ নাচ।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে, ডিএমকেৰ এম কে ষ্টালিন, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, প্ৰাক্তন প্ৰধানমন্ত্ৰী এছডি দেৱগৌৰাই অৰবিন্দ কেজৰিৱালক শুভেচ্ছা জ্ঞাপন কৰে।
Photo credit: economictimes.indiatimes.com