25.5 C
Guwahati
Friday, July 30, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ট্ৰাম্পৰ দুৰ্দশা, টুইটাৰৰ পিছত এইবাৰ আন এক ছচিয়েল মাধ্যমত নিষিদ্ধ

    এফালে ৰাষ্ট্ৰপতি পদ হাতৰ পৰা বাহিৰ আনফালে এফালৰ পৰা ছচিয়েল মাধ্যমত মাধ্যমবোৰত নিষিদ্ধ ঘোষণা হবলৈ ধৰিছে ডনাল্ড ট্ৰাম্প। টুইটাৰত স্থায়ী ভাৱে নিষিদ্ধ হোৱাৰ পিছত এইবাৰ স্নেপশ্বটত নিষিদ্ধ ট্ৰাম্প।

    ৬ জানুৱাৰী তাৰিখে আমেৰিকাৰ সংসদ ভৱনত হোৱা হিংসা কাৰ্যৰ বাবে এনেদৰে প্ৰায় বোৰ সামাজিত ছচিয়েল মাধ্যমত নিষিদ্ধ কৰা হৈছে ট্ৰাম্পক। সেই দিনটোত ট্ৰাম্পৰ সমৰ্থকে আমেৰিকাৰ কেপিটেল হিল স্থিত সাংসদ ভৱন ঘেৰাও কৰি হিংসাত্মক কাৰ্য সংঘটিত কৰিছিল।

    সেই হিংসাত্মক কাৰ্যত ৪জন লোকে প্ৰাণ হেৰুৱাইছিল। সেই দিনটো আমেৰিকাৰ বাবে এক ক’লা অধ্যায়ৰূপে বিবেচিত।

    উল্লেখ্য যে, টুইটাৰ আৰু স্নেপশ্বটত স্থায়ীৰূপে নিষিদ্ধ হোৱাৰ বিপৰীতে ফেচবুক, গুগল, ইনষ্টাগ্ৰাম, এমাজন, এপ্পল, ইউটিউব আদিত অনিৰ্দিষ্ট কাললৈ নিষিদ্ধ হৈ আছে ডনাল্ড ট্ৰাম্প।

    আৰু পঢ়ক : ভোগালীৰ উচাহৰ মাজতে পুত্ৰই হত্যা কৰিলে জন্মদাত্ৰী মাতৃক

    Photo credit: PBS

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং