
টি-২০ বিশ্বকাপত পৰাজয়ৰ পিছৰে পৰা বপৃহত পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইয়ে। প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত পৰাস্ত হৈ বাহিৰ হৈছিল টিম ইণ্ডিয়া।
এই পৰাজয়ৰ পিছত বিচিচিআইয়ে চেতন শৰ্মা নেতৃত্বাধীন নিৰ্বাচক সমিতিখন অপসাৰণ কৰাৰ পিছত এইবাৰ আন এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি বিচিচিআইয়ে ভাৰতীয় দলৰ এজন সহায়কক বাহিৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
বি চি চি আইয়ে টি-২০ বিশ্বকাপত পৰাজয়ৰ পিছত মেণ্টেল কণ্ডিচনিং প্ৰশিক্ষক পেডী অপ্টনক আঁতৰোৱাৰ সিদ্ধান্ত লৈছে।
ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি বিচিচিআইয়ে দক্ষিণ আফ্ৰিকাৰ বাসিন্দা পেডী অপ্টনৰ চুক্তি নবীকৰণ নকৰে।
উল্লেখ্য যে, টি-২০ বিশ্বকাপৰ অন্ত পৰাৰ লগে লগে বি চি চি আইৰ সৈতে পেডী অপ্টনৰ চুক্তি শেষ হৈছে।
৫৩ বছৰীয়া পেডী অপ্টনক মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ পৰামৰ্শ মতে টিম ইণ্ডিয়াৰ মেণ্টেল কণ্ডিচনিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। চলিত বৰ্ষৰ জুলাই মাহত তেওঁ টিম ইণ্ডিয়াৰ সৈতে জড়িত হৈছিল।
ইয়াৰ পূৰ্বে পেডী অপ্টনে ২০০৮-১১ বৰ্ষৰ কাৰ্যকালত টিম ইণ্ডিয়াৰ সৈতে মেন্টেল কণ্ডিচনিং প্ৰশিক্ষক আৰু ষ্ট্ৰেটেজিক প্ৰশিক্ষকৰ দ্বৈত ভূমিকাত কাম কৰিছিল।