উত্তৰ পূব ভাৰতৰ পৰা নাৰী শক্তিৰ বিশ্ব জয়ৰ যাত্ৰা, মণিপুৰৰ পিছত এইবাৰ অসমীয়াৰ বিজয়ধ্বজা…

উল্লেখ্য যে, অলিম্পিকত খেলিবলৈ যোৱা লাভলীনা হৈছে তৃতীয়গৰাকী অসমীয়া। আনহাতে প্ৰথমগৰাকী মহিলা খেলুৱৈ লগতে অসমৰ পৰা প্ৰথম খেলুৱৈ যিয়ে পদক নিশ্চিত কৰিছে।

0
1196
সুদীৰ্ঘ এবছৰৰ অন্তত ঘৰুৱা অসমীয়া আহাৰ গ্ৰহণ কৰিলে লাভলীনাই
ফাইল ফটো

উত্তৰ পূব ভাৰতৰ পৰা নাৰী শক্তিৰ বিশ্ব জয়ৰ যাত্ৰা, মণিপুৰৰ পিছত এইবাৰ অসমীয়াৰ বিজয়ধ্বজা…

গাঁৱৰ বাটেৰে, লুইতৰ ঘাটেৰে, জগত সভালৈ অসমীয়া। উত্তৰ পূব ভাৰতৰ পৰা নাৰী শক্তিৰ বিশ্ব জয়ৰ যাত্ৰা, মণিপুৰৰ পিছত এইবাৰ অসমীয়াৰ বিজয়ধ্বজা। গোলাঘাটৰ লাভলীনাই দেখুৱাইছে এইবাৰ সপোন। যি সপোন বাস্তবায়িত হোৱাৰ পথত।

অলিম্পিকৰ অষ্টমটো দিনত ভাৰতীয় মহিলাৰ দপদপনি। মণিপুৰৰ মীৰাবাইৰ পিছত অসমৰ লাভলীনাই দেখুৱাইছে এইবাৰ আশাৰ বাট। অসমৰ পৰা প্ৰথমগৰাকী অসমীয়া মহিলা বক্সাৰ লগতে শিৱ থাপাৰ পিছত দ্বিতীয়গৰাকী অসমীয়া বক্সাৰ হিচাপে লাভলীনাৰ দপদপনি।অলিম্পিকত পদক নিশ্চিত কৰিলে গোলাঘাট জিলাৰ বৰপথাৰ বাৰমূখীয়া গাঁৱৰ লাভলীনা বৰগোহাঁইয়ে।

‘বাই’ লাভ কৰি প্ৰথমটো দিনত বাধা অতিক্ৰম কৰি প্ৰি–কোৱাৰ্টাৰত প্ৰৱেশ কৰা লাভলীনাই এতিয়া ছেমি ফাইনেত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিলে। যদিহে ছেমি ফাইনেলৰো বাধা অতিক্ৰম কৰে তেন্তে সোণৰ বা ৰূপৰ পদক নিশ্চিত।

২৩ বছৰীয়া এগৰাকী অসম কন্যা। যাক লৈ এতিয়া কেৱল অসমৰেই নহয়, সমগ্ৰ ১৩০ কোটি ভাৰতীয়ৰেই সপোন। সকলোৱে এতিয়া নিশ্চিত অসম কন্যাৰ জৰিয়তে ভাৰতৰ জোলোঙালৈ আহিব দ্বিতীয়টো অলিম্পিক পদক। অসমৰ গোলাঘাট জিলাৰ বৰপথাৰ বাৰমূখীয়া গাঁৱৰ পৰা ওলাই গৈ টকিঅ’ত পদক লাভ কৰিব লাভলীনাই, এতিয়া সেয়াই সপোন সকলোৰে।

এইবাৰৰ অলিম্পিকত উত্তৰ পূৱেই যেন আশা ভাৰতবৰ্ষৰ। প্ৰথমগৰাকী মণিপুৰী যুৱতীৰ পিছত এইবাৰ অসমীয়া যুৱতী। অন্য এক পদকো উত্তৰ পূৱৰ পৰাই আশা কৰিছিল ভাৰতে। বিশ্ব বিজেতা তিনি সন্তানৰ মাতৃ মেৰী কমে দেখুৱাইছিৱ আশা।

উল্লেখ্য যে, অলিম্পিকত খেলিবলৈ যোৱা লাভলীনা হৈছে চতুৰ্থগৰাকী অসমীয়া। আনহাতে প্ৰথমগৰাকী মহিলা খেলুৱৈ লগতে অসমৰ পৰা প্ৰথম খেলুৱৈ যিয়ে পদক নিশ্চিত কৰিছে।

১৯৯২ চনত প্ৰথম অসমীয়া দীপাংকৰ ভট্টাচাৰ্যই বাৰ্চিলোনা অলিম্পিকত যোগদান কৰিছিল। বেটমিণ্টনত প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছিল ভট্টাচাৰ্যই। ১৯৯৬ ত দ্বিতীয়বাৰৰ বাবেও অলিম্পিকত যোগ্যতা লাভ কৰিছিল। সেয়া আছিল আটলাণ্টা অলিম্পিক।

২০১২ চনত বক্সিঙত শিৱ থাপা আৰু আৰ্চাৰীত জয়ন্ত তালুকদাৰে যোগ্যতা অৰ্জন কৰি লণ্ডন অলিম্পিকলৈ গৈছিল। পিছে প্ৰথম ৰাউণ্ডৰ পৰাই বহিৰ হৈছিল দুয়োগৰাকী খেলুৱৈ। পিছে তিনিগৰাকীকৈ পুৰুষৰ পিছত এইবাৰ এগাৰকী মহিলা খেলুৱৈয়ে ইতিহৈস ৰচিবলৈ সম্পূৰ্ণ সাজু।

আৰু পঢ়ক : সপোন সাৰ্থক, কোৱাৰ্টাৰ ফাইনেলত জয়লাভ লাভলীনাৰ, পদক লাভ নিশ্চিত