আলিয়া ভাটৰ পিছত এইবাৰ মাতৃ হ’বলৈ ওলাইছে দীপিকা ! স্বামীয়ে শ্বেয়াৰ কৰিলে আবেগিক পোষ্ট

0
168

আলিয়া ভাটৰ পিছত এইবাৰ মাতৃ হ’বলৈ ওলাইছে দীপিকা ! স্বামীয়ে শ্বেয়াৰ কৰিলে আবেগিক পোষ্ট

বিগত কেইমাহমান পূৰ্বে বলিউডৰ অভিনেত্ৰী আলিয়া ভট্ট,বিপাশা বসু মাতৃ হয়। দুয়োয়ে এটি এটি কন্যা সন্তান জন্ম দিছিল। এইবাৰ আন এগৰাকী অভিনেত্ৰী মাতৃ হ’বলৈ গৈ আছে। এইবাৰ অভিনেত্ৰী দীপিকা মাতৃ হ’বলৈ উলাইছে।দীপিকাৰ এই খবৰটোৰ পিছতে তেওঁৰ স্বামীৰ আনন্দৰ ঠিকনা নোহোৱা হৈছে।

অৱশ্যে মাতৃ হ’বলৈ ওলোৱা এই গৰাকী বলিউডৰ অভিনেত্ৰী দীপিকা পাডুকন নহয়। টেলিভিশ্বনৰ অভিনেত্ৰী দীপিকা কাকাৰহে। দীপিকা কাকাৰ আৰু ছোৱেব ইব্ৰাহিমৰ ঘৰলৈ আহিছে এই সুখবৰটো। এই কথা দীপিকাৰ স্বামী ছোৱেবে নিজেই দিছে। যাৰ পিছত অনুৰাগীসকল অতি সুখী হৈছে।

শেহতীয়াকৈ,ছোৱেব ইব্ৰাহিমে তেওঁৰ ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰিছে। এই ফটোখনত তেওঁ আৰু পত্নী দীপিকাৰ সৈতে বগা ৰঙৰ টুপী পিন্ধি বহি আছে। টুপীটোত লিখা আছে মা আৰু দেউতা।

এই ছবিখন শ্বেয়াৰ কৰি ছোৱেবে শিৰোনামটোত লিখিছিল, “কৃতজ্ঞতা, আনন্দ, উৎসাহ ৰ লগতে উদ্বিগ্নতাৰে পৰিপূৰ্ণ হৃদয়েৰে এই বাতৰিটো আপোনালোক সকলোৰে সৈতে ভাগ বতৰা কৰিছো।

এইটো আমাৰ জীৱনৰ আটাইতকৈ ধুনীয়া পৰ্যায়। মই সোনকালেই পিতৃত্ব উপভোগ কৰিম। আমাৰ সন্তানৰ বাবে আমাকমৰম আৰু আশীৰ্বাদৰ প্ৰয়োজন। অনুৰাগীসকলে এই পোষ্টটোত ছোৱেব আলীক অভিনন্দন জনাইছে।