32 C
Guwahati
Thursday, September 16, 2021
More

    অক্ষয়-ৰজনীকান্তৰ পিছত বেয়াৰ গ্ৰীলৰ সৈতে এইবাৰ আন এক অভিনেতা..

    মেন ভাৰছেচ ৱাইল্ড আৰু বেয়াৰ গ্ৰীলৰ বিষয়ে কোনেনো নাজানে। থ্ৰীলাৰ লাইফ এডভেঞ্চাৰ কৰি সমগ্ৰ বিশ্বতে বিশেষ ভাৱে চৰ্চিত এজন ব্যক্তি।

    যাৰ সৈতে একেলগে এডভেঞ্চাৰ কৰাটোও এক বিৰাট ডাঙৰ কথা। কিয়নো বেয়াৰ গ্ৰীলে এনে কিছুমান অদ্ভুত কাৰনামা কৰে যি সাধাৰণ অন্য কোনো ব্যক্তিৰ বাবে কৰাটো বহু কঠিন।

    সেই বেয়াৰ গ্ৰীলৰ সৈতে ইতিপূৰ্বে লাইফ এডভেঞ্চাৰ কৰিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ পৰা হলীউডৰ বহু তাৰকা, ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা বলীউড তাৰকা অক্ষম কুমাৰ, ৰজনীকান্ত আদিলৈ।

    এইবাৰ সেই বেয়াৰ গ্ৰীলৰ সৈতে দেখা যাব আন এক বলীউডৰ তাৰকা, অজয় দেৱগণ।

    ডিচকোভাৰী চেনেল যোগে সম্প্ৰচাৰিত Into The Wild with Bear Grylls নামৰ এই অনুষ্ঠানটোৰ এক অংশত এইবাৰ ভাগ লব অজয় দেৱগণে। ইয়াৰ বিষয়ে বেয়াৰ গ্ৰীলে নিজেই সদৰি কৰিছে।

    অৱশ্যে বৰ্তমানলৈকে নাম প্ৰকাশ কৰা নাই গ্ৰীলে। কেৱল হিণ্ট দি কৈছে এইবাৰ আন এক বলীউড যোদ্ধা তাৰকা।

    ইতিমধ্যে অজয় দেৱগণেও এই অনুষ্ঠানৰ দৃশ্যগ্ৰহণৰ বাবে মালদ্বীপলৈ ৰাওনা হৈছে।

    আৰু পঢ়ক : হিন্দু মহিলা-মুছলমান পুৰুষ, দ্বিতীয় বিবাহ.. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশেষ ৰায়দান

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং