১৮৮ দিনৰ মুৰৰ অন্তত অৱশেষত খোল খালে তাজমহল। সোমবাৰে বিশ্বৰ আশ্বৰ্যকৰ সম্পদৰাজিৰ এবিধ তথা ভাৰতৰ অন্যতম পৰ্যটনস্থলী তাজমহল ভিৰ কৰেহি বহু পৰ্যটকে।
উল্লেখ্য যে, কৰ’ণা সংক্ৰমণৰ বাবে বিগত ১৭ মাৰ্চৰ পৰা তাজমহল আৰু লালকিল্লাৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছিল। সোমবাৰ ২১ ছেপ্টেম্বৰ তাৰিখে পুৱা সূৰ্যোদয়ৰ সময়ত দুয়োখন স্মাৰক গেট খোলে।
দৰ্শনাৰ্থীৰ থাৰ্মেল স্ক্ৰীনিঙৰ পাছতহে প্ৰৱেশৰ অনুমতি দিয়া হয়।
৩৭২ বছৰৰ পাছত তাজমহলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ছয়মাহৰ বাবে বন্ধ আছিল তাজমহল।
ভাৰতীয় পুৰাতত্ব সৰ্বক্ষণে তাজমহলত এদিনত পাচঁ হাজাৰ পৰ্যটক প্ৰৱেশৰ বাবে অনুমতি প্ৰদান কৰিছে। দৰ্শনাৰ্থীৰ স্বাস্থ্য সুৰক্ষাৰ বাবে অনলাইন টিকটৰ ব্যৱস্থা কৰা হৈছে।
তাৰোপৰি, কৰ্মচাৰীসকলেও মাস্ক, ফেচশ্বীল্ড পিন্ধি লগতে ছেনিটাইজেছনৰ ব্যৱস্থা ৰাখি কভিড প্ৰট’কল পালন কৰিছে।
Photo Credit: Bangkok Post