28 C
Guwahati
Friday, September 17, 2021
More

    ‘তেতিয়াৰ হাইহিল আৰু এতিয়াৰ হাতমোজা’, আফগান মহিলাৰ স্বাধীনতাৰ কেইখনমান জীয়া ছবি

    ‘তেতিয়াৰ হাইহিল আৰু এতিয়াৰ হাতমোজা’, আফগান মহিলাৰ স্বাধীনতাৰ কেইখনমান জীয়া ছবি…

    সকলোৱেই উন্নতিৰ জখলতা বগাবলৈ ধৰিছে। উন্নয়শীলৰ পৰা উন্নত হৈছে। এৰি থৈ আহিছে অতীতৰ পিছ পৰা সমাজ। এৰি থৈ আহিছে অতীতৰ অন্ধ নীতি নিয়ম। এতিয়া কেৱল প্ৰতিযোগিতাৰ সময়ত সকলোৱে শিক্ষা দিক্ষাৰে আগবঢ়া হব বিচাৰিছে।

    পুৰুষ-মহিলা সকলোৱে একেলগে আগবঢ়াৰ সময়ত পিছে বৰ্তমানৰ আফগানিস্তানে বহু উন্নত সময়ৰ পৰা বহু পিছ পৰি গৈছে। যি সময়ত বিশ্বৰ বহু ঠাইত মহিলাই সমানতা বহু দূৰৰ কথা শিক্ষাৰ অকন পোহৰৰ বাবে হাবাথুৰি খাই ফুৰিব লগা হৈছিল, সেই সময়ত আফগান মহিলাই শিক্ষাৰ ফালৰ পৰাই হওক, সমানতাৰ ফালৰ পৰাই হওক, বা সাজপাৰৰ ক্ষেত্ৰতে হওক।

    সকলোতে আগবঢ়া আছিল আফগান মহিলা। ভাবিবলৈয়ো চিন্তা কৰিব লাগিব, সচাঁকৈয়ে নে…যি সময়ত আফগানিস্তানত মহিলাই হাতৰ আঙুলি কিম্বা ভৰিৰ আঙুলিয়ো ঢাকি ৰাখিব লাগে। হাত মোজা, ভৰি মোজা শৰীৰত ধাৰণ কৰিব লাগে। লগতে থাকিব লাগে ডাঠ কাপোৰৰ বোৰ্খা।

    সেই আফগানিস্তানতেই আজিৰ পৰা বহু দশক পূৰ্বে মহিলাই আপোন মনে ৰাজপথত কোনো পুৰু। সংগী নোহোৱাকৈয়ে ঘুৰা ফুৰা কৰিব পাৰিছিল। সাজ পাৰৰ ক্ষেত্ৰতো নাছিল কোনো হকা বধা।

    যি আফগানত হাইহিল পিন্ধা অপৰাধ সেই আফগানিস্তানতেই ৭০ৰ দশকত হাইহিল স্কাৰ্ট পিন্ধি ৰাজপথত ঘুৰিছিল মহিলাই। আপোনপহৰা হৈ হাঁহিবলৈয়ো আছিল সম্পূৰ্ণ অধিকাৰ।

    পিছে বৰ্তমানৰ তালিবানৰ অধীনৰ আফগানিস্তানত মহিলাই ডাঙৰকৈ কথা কোৱাও অপৰাধ। ঘৰৰ বাহিৰ আহিলে কোনো পুৰুষ সংগী অবিহনে অহা নিষেধ। শৰীৰৰ কোনো অংগই দেখা পোৱা অপৰাধ। অন্য পুৰুষৰ সৈতে কথা পতা অপৰাধ।

    কেতিয়াকৈ আকৌ ঘুৰি আহিব আফগানিস্তানৰ মহলিৰা স্বাধীনতা। যি স্বাধীনতা তালিবানে কবৰ দি পেলালে।

    আৰু পঢ়ক : গুগলত বিচাৰিছিল সকলোতকৈ ভয়াৱহ ঠাই, গৈ পাই হ’ল এই অৱস্থা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং