মছজিদত বোমা বনোৱাৰ প্ৰশিক্ষণ চলি থাকোতেই বিস্ফোৰণ হৈ ৩০ জন তালিবানীৰ মৃত্যু
কথা এষাৰ আছে, বেয়া কৰিলে সদায় বেয়াই হয়। এনে এক ঘটনা সংঘটিত হয় আফগানিস্তানত তালিবান সংন্ত্ৰাসবাদী সকলৰ লগত।
জানিব পৰা মতে আফগানিস্তানৰ এটা মছজিদৰ ভিতৰত বোমা বনোৱাৰ প্ৰশিক্ষণ চলি আছিল । এই প্ৰশিক্ষণ চলি থকাৰ মাজতেই বোমা বিস্ফোৰণ হয় আৰু ৩০ জনকৈ সন্ত্ৰাসবাদীৰ মৃত্যু হয়।
আফগানিস্তানৰ সেনাই জাৰি কৰা তথ্য অনুসৰি এই বিস্ফোৰণত ৬ জন বিদেশীসহিত ৩০ জন তালিবানী সন্ত্ৰাসবাদীৰ মৃত্যু হয়।
এই বিদেশী কেইজন বোমোৰ সুৰংগ তৈয়াৰ কৰাৰ বিশেষজ্ঞ আছিল আৰু শনিবাৰে ২৬ জনক এই বোমা বনোৱাৰ প্ৰশিক্ষণ দি আছিল। সেই প্ৰশিক্ষণৰ মাজতেই ভয়ংকৰ বিস্ফোৰণ হৈ মৃত্যু মুখত পৰে আটাইকেইজন
উল্লেখ্য যে, এতিয়ালৈকে বিদেশীলোক কেইজনৰ চিনাক্ত হোৱা নাই। জানিব পৰা মতে, মছজিদৰ ভিতৰত আই ই ডি বনোৱাৰ প্ৰশিক্ষণ দি থকা হৈছে।