26 C
Guwahati
Wednesday, September 28, 2022
More

    মৈৰাবাৰীৰ জমিউল হুদা মাদ্ৰাছাত প্ৰশাসনৰ বুলড’জাৰ ! পুৱাৰে পৰা উচ্ছেদত নামিল প্ৰশাসন

    মৈৰাবাৰীৰ জমিউল হুদা মাদ্ৰাছাত প্ৰশাসনৰ বুলড’জাৰ ! পুৱাৰে পৰা উচ্ছেদত নামিল প্ৰশাসন

    বৃহস্পতিবাৰে পুৱা জেহাদীৰে সম্পৰ্ক থকা মৈৰাবাৰীৰ জমিউল হুদা মাদ্ৰাছাত উচ্ছেদ অভিযান চলালে জিলা প্ৰসাসনে । জেহাদীৰ অভিযুক্ত মুফ্টি মুস্তাফাই পৰিচালনা কৰিছিল মাদ্ৰাছাখন।

    মাদ্ৰাছাখনত কাৰ্যকলাপ চলাৰ তথ্য-প্ৰমাণ লাভ কৰাৰ পিছতে প্ৰশাসনৰ বুলড’জাৰ চলে মাদ্ৰাছাখনত। আৰক্ষী প্ৰশাসনৰ বৃহৎ দল এটাই বুলড’জাৰ , এক্সকেভেটৰ লৈ মাদ্ৰাছাখনত উচ্ছেদ চলালে।

    ABTৰ ধনেৰে ২০১৮ চনত মাদ্রাছাখন খুলিছিল মুস্তাফাই।উল্লেখ্য, আনছাৰুল বাংলা টীমৰ সদস্য মুফটি মুস্তাফাই মাদ্ৰাছাখনৰ পৰা জেহাদী কাৰ্যকলাপ চলাই আছিল।

    মাদ্ৰাছাখনৰ বহু ছাত্ৰ–ছাত্ৰীকো জেহাদৰ শিক্ষা দিয়াৰ লগতে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ বাবে প্ৰৰোচিত কৰিছিল।মাদ্ৰাছাখনলৈ বিগত ৩ বছৰে বাংলাদেশৰ পৰা ধন অহাৰ অভিযোগ উত্থাপন হৈছিল।

    কেইদিনমান পূৰ্বে জেহাদীৰ লগত সম্পৰ্ক থকাৰ অভিযোগত আৰক্ষীয়ে কেইবাজনকো গ্ৰেপ্তাৰ কৰিছিল। ২৮ জুলাইত ছীল কৰা হৈছিল মাদ্ৰাছাখন।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং