“মোক আঞ্চলিক ৰাজনীতি কৰিবৰ বাবে মুখ্যমন্ত্ৰী সোনোৱালে বিজেপিলৈ মাতিছিল।” অদীপ ফুকন

0
1247

“মোক আঞ্চলিক ৰাজনীতি কৰিবৰ বাবে মুখ্যমন্ত্ৰী সোনোৱালে বিজেপিলৈ মাতিছিল।” অদীপ ফুকন

“ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু বিজেপিক উৎখাত কৰিবৰ বাবে সকলো আঞ্চলিক দল একত্ৰিত হ’ব।ৰাইজৰ দলৰ সৈতে কেৱল নিৰ্বাচনী মিত্ৰতা হে হ’ব।”

“এতিয়ালৈ কোন প্ৰাৰ্থী কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই। অগপ এতিয়া আঞ্চলিক দল নহয় তেওঁলোক বিজেপিৰ উঠা বহা কৰা দল হে।অগপৰ পৰা কোনোবা আহিব খুজিলে আহিব পাৰে তাত কোনো বাধা নাই অসম জাতীয় পৰিষদৰ।”

আঞ্চলিক দল বোৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক প্ৰত্যুত্তৰ কৰি কয়-” হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন এনে তৰল মন্তব্য কৰি বি জে পি আৰু তেওঁৰ বাবেও ক্ষতি কৰিছে।হিমন্ত বিশ্বই ভবাৰ দৰে অসমৰ ৰাজনীতি নহয়।”

লগতে দল বাগৰ সন্দৰ্ভতো অদীপ ফুকনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়-“মোক আঞ্চলিক ৰাজনীতি কৰিবৰ বাবেহে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিজেপিলৈ মাতিছিল।সেই বাবেই মই বিজেপিলৈ গৈছিলো।”

আৰু পঢ়ক : চীফৰ চকী মোক নালাগে কিন্তু আঞ্চলিকতাবাদী শক্তি একত্ৰিত হ’ব লাগে