
বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত ৩ ৰ পৰা ২০ নম্বৰত এতিয়া গৌতম আদানী! ষ্টক এক্সেঞ্জ ইনডেক্সৰ পৰাও আঁতৰাই দিয়া হৈছে আদানী এণ্টাৰপ্ৰাইজৰ নাম…
কমিছে গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ। শুকুৰবাৰে আদানীয়ে ১২ বিলিয়ন মাৰ্কিন ডলাৰ হেৰুওৱাৰ পাছত বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত তেওঁৰ স্থান হয়গৈ ২০ নম্বৰত।
কেইদিনমান আগলৈকে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত তৃতীয় স্থানত থকা আদানীৰ এই পতন আৰম্ভ হৈছিল হিণ্ডেনবাৰ্গৰ অনুসন্ধানমূলক এক প্ৰতিবেদনৰ পাছত। বৰ্তমান আদানীৰ সম্পত্তিৰ মূল্য ৬১.৩ বিলিয়ন মাৰ্কিন ডলাৰ।
ফৰ্বছৰ বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত ৮০.৩ বিলিয়ম মাৰ্কিন ডলাৰ সম্পত্তিৰে ১২ নম্বৰ স্থানত মুকেশ আম্বানী। আদানীৰ বিপদ ইয়াতে শেষ হোৱা নাই। আমেৰিকাৰ ষ্টক এক্সেঞ্জ ইনডেক্সৰ পৰা আঁতৰাই দিয়া হৈছে আদানী এণ্টাৰপ্ৰাইজৰ নাম।
আমেৰিকাৰ এই ষ্টক এক্সেঞ্জৰ পৰা আদানীৰ কোম্পানীৰ নাম আঁতৰাই দিয়াৰ অৰ্থ হ’ল নিবেশকাৰীৰ ওচৰত তেওঁৰ কোম্পানীয়ে বিশ্বাসযোগ্যতা হেৰুৱাইছে।