27 C
Guwahati
Wednesday, September 28, 2022
More

    মোৰ যদি কিবা হয়, তেন্তে তাৰ একমাত্ৰ দায়ী হ’ব নানা পাটেকাৰ আৰু….

    মোৰ যদি কিবা হয়, তেন্তে তাৰ একমাত্ৰ দায়ী হ’ব নানা পাটেকাৰ আৰু….

    বলীউডৰ অভিনেত্ৰী তনুশ্ৰী দত্ত পুনৰ চৰ্চালৈ আহিছে। এটা পোষ্টৰ পাছতে পুনৰ চৰ্চিত হৈছে অভিনেত্ৰীগৰাকী। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা পোষ্ট টো এতিয়া ভাইৰেল হৈ পৰিছে।

    যি পোষ্টত পোনপটীয়াকৈ নাম লৈছে বলীউডৰ এগৰাকী নাম থকা অভিনেতা নানা পাটেকাৰৰ। যাৰ নাম পূৰ্বেও ‘মীটু’ ৰ সময়ত লৈছিল অভিনেত্ৰীগৰাকীয়ে। এইবাৰো লৈছে সেই একেগৰাকীৰেই নাম।

    এক দীঘলীয়া পোষ্ট লিখি তাত নান পাটোকাৰৰ পৰা সুশান্ত সিং ৰাজপুতলৈ নাম উল্লেখ কৰিছে তনুশ্ৰী দত্তই। লগতে কৈছে ‘মোৰ যদি কিবা হয়, তেন্তে তাৰ একমাত্ৰ দায়ী হব নানা পাটেকাৰ’।

    কেৱল নানা পাটোকাৰেই নহয়, ইয়াত উল্লেখ কৰিছে অন্যৰ বিষয়েও। নানাৰ সমানে সমানে দায়ী হ’ব নানাৰ অধিবক্তা, সহযোগী আৰু বলীউড মাফিয়া। সেই সকলেই বলীউড মাফিয়া, যাৰ যাৰ নাম সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সময়ত সমুখলৈ আহিছিল।

    নিজৰ এক ফটোৰ লগতে এইদৰে লিখি আপলোড কৰে অভিনেত্ৰীগৰাকীয়ে। তাৰপৰি ইয়াকো কয় যে, ‘সেই সকলৰ চিনেমা নাচাব, সম্পূৰ্ণৰূপে বহিষ্কাৰ কৰক। সেই সকল লোক আৰু সংবাদিকৰ পিছত পৰক, যিয়ে মোৰ বিষয়ে উৰা বাতৰি প্ৰচাৰ কৰিছিল। তেওঁলোকৰ জীৱন নৰক বনাই দিয়া কাৰণ তেওঁলোকে মোক বহুত অশান্তি দিছে। আইন-কানুনে মোক বিফল কৰালেও দেশৰ জনতাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ‘

    উল্লেখ্য যে, ২০১৮ চনত ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে মীটু (Me Too)ৰ বিষয়ে মাত মাতিছিল তনুশ্ৰী দত্তই। অভিনেত্ৰীগৰাকীয়ে নান পাটেকাৰৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ উত্থাপন কৰিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং