কেঞ্চাৰেৰে যুঁজ দি আছে এইগৰাকী অভিনেত্ৰীয়ে, অদম্য সাহসেৰে জীৱন যুদ্ধ কৰি গৈছে
দক্ষিণৰ মোহময়ী অভিনেত্ৰী হমসা কেঞ্চাৰেৰে যুঁজ দি আছে। ব্ৰেষ্ট কেঞ্চাৰত আক্ৰান্ত হমসা নন্দিনী। কেমো থেৰাপীৰ বাবে চুলিৰ সমস্যাত ভুগিছে হমসা। কিন্তু জীৱন যুদ্ধ কৰি গৈছে হেলাৰঙে।
কেমো লৈ থকা বাবে মূৰৰ সকলো চুলি নোহোৱা হৈ পৰিছে। কিন্তু নিজৰ অদম্য শক্তি দেখুৱাবৰ বাবে সদ্যহতে হমসাই দেশৰ অন্যতম ডিজাইনাৰ মনীষ মালহোত্ৰাৰ ডিজাইন কৰা সাজ পৰিধান কৰি বোল্ড ফটোশ্বুট কৰায়।

যি দেখি বহু লোকেই কৈছে এয়াই সাহস, এয়াই জীৱন। এয়াই যুদ্ধ। চুলি নোহোৱা হৈ পৰিলেও হমসাৰ সৌন্দৰ্য কোনোগুণে কম হোৱা নাই বৰ্তমানেও। বোল্ড লুকত এতিয়াও বহু সুন্দৰ বুলি সাহস দিছে বহু লোকে।
৩৭ বৰ্ষীয় হমসা নন্দিনী দক্ষিণৰ ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী। বিশেষকৈ তেলেগু ছবিত কাম কৰে হমসাই। বহু কেইটা আইটেম গানো কৰিছে অভিনেত্ৰীগৰাকীয়ে।
আৰু পঢ়ক : ভূমিকম্প, ৫.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি যায় অসম সহ দেশৰ কিছু অংশ