সুশান্ত সিং ৰাজপুতৰ মস্তিষ্কৰ হ’ব পৰীক্ষা! ইয়াৰ পূৰ্বে মাত্ৰ দুবাৰহে হৈছে এই পৰীক্ষণ

0
131

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত বৰ্তমান চি বি আই য়ে কৰি আছে ।

জানিব পৰা গৈছে যে চি বি আইয়ে সুশান্তৰ মনোবৈজ্ঞানিক পৰীক্ষণ কৰিব ।

চেন্ট্ৰেল ফৰেঞ্চিক চাইন্স লেবৰটৰীৰ দ্বাৰা কৰিব লগা এই পৰীক্ষাত সুশান্তৰ জীৱনৰ প্ৰতিটো অধ্যায়ৰ কথা বিস্তৃত ভাৱে উল্লেখ থাকিব । এই পৰীক্ষাত সুশান্তৰ ছচিয়েল মিডিয়াৰ পোষ্টৰ পৰা আৰম্ভ কৰি হোৱাটচ এপ, পৰিয়াল,বন্ধুবৰ্গ সকলোৰে লগত কথা বতৰা কৰা  হ’ব ।  

চি বি আইয়ে অভিনেতা গৰাকীৰ ব্যৱহাৰ, মুড আদি জানিবৰ বাবে তদন্ত কৰিব । যাৰ সহায়ত সুশান্তপ মৃত্যুৰ দিনৰ মানসিক অৱস্থা গম পোৱা যাব । সূত্ৰ অনুসৰি জানিব পৰা মতে এয়া সুশান্তৰ মস্তিষ্কৰ পৰীক্ষা কৰাৰ নিচিনা হ’ব ।

উল্লেখ্য যে এয়া তৃতীয়বাৰৰ বাবে হ’ব য’ত চি বি আইয়ে ইমান জটিল পৰীক্ষণ কৰিব ।

ইয়াৰ পূৰ্বে সুনন্দা পুষ্কৰ আৰু বুঢ়ৰীৰ সামূহিক আত্মহত্যাৰ সময়ত এই তদন্ত কৰা হৈছিল ।

আনহাতে অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান সংস্থানৰ চাৰিজনীয়া সদস্যৰ এটি দলে ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টৰ ওপৰত তদন্ত কৰিব ।

photo credit :