পুনৰ এগৰাকী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ শোৱনী কোঠাত, আত্মহত্যাৰ সন্দেহ

0
261
পুনৰ এগৰাকী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ শোৱনী কোঠাত, আত্মহত্যাৰ সন্দেহ

অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিছত পুনৰ এগৰাকী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছে শোৱনী কোঠাত। জয়শ্ৰী ৰমৈয়া নামৰ দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ মৃতদেহ আজি ২৫ জানুৱাৰী তাৰিখ সোমবাৰে পুৱা উদ্ধাৰ হয়।

বিগবছটো প্ৰতিযোগি হিচাপে আহিছিল জয়শ্ৰী ৰমৈয়া। জয়শ্ৰী বিশেষকৈ কানাড়া ছবিজগতৰ অভিনেত্ৰী আছিল। মৃত্যুৰ পূৰ্বে জয়শ্ৰী বাংগালুৰুৰ এক বৃদ্ধাশ্ৰমত বাস কৰি আছিল। বাংগালুৰি আৰক্ষীয়ে জনোৱা অনুসৰি চহৰখনৰ মাগাদী ৰোডত থকা প্ৰগতি বাসভৱনত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ।

পুনৰ এগৰাকী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ শোৱনী কোঠাত, আত্মহত্যাৰ সন্দেহ
পুনৰ এগৰাকী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ শোৱনী কোঠাত, আত্মহত্যাৰ সন্দেহ

বহু দিন ধৰি মানসিক অশান্তিত ভুগি আছিল অভিনেত্ৰী গৰাকী। চিকিৎসকৰ ওচৰত চিকিৎসা চলাই আছিল মানসকি অশান্তি দূৰ কৰাৰ বাবে। উল্লেখ্য যে, ২০২০ বৰ্ষৰ জুলাই মাহতো ফেচবুক একাউণ্ট যোগে আত্মহত্যা কৰিব বুলি জনাইছিল জয়শ্ৰীয়ে।

পিছে সোমবাৰে হঠাতে অহা খবৰে মৰ্মাহত কৰিছে জয়শ্ৰীৰ অনুৰাগীক। হতাশাত ভুগিলেও জয়শ্ৰীয়ে তেনে এক কাম কৰিব পাৰে বুলি একেবাৰে ভৱা নাছিল পৰিয়ালে।

আৰু পঢ়ক :  গুৱাহাটীত তালাচীৰ নামৰ সুৰাসক্ত আৰক্ষীয়ে চুলিত ধৰি বগৰালে যুৱতীক