বলীউডৰ প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

0
115

হিন্দী আৰু মাৰাঠী ছবিৰ বিখ্যাত প্ৰবীণ অভিনেতা বিক্ৰম গোখলেই অৱশেষত ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক পুনেৰ পণ্ডিত দীননাথ মংগেশকাৰ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। সূত্ৰ অনুসৰি, তেওঁ যকৃতৰ গুৰুতৰ ৰোগত আক্ৰান্ত আছিল, যাৰ ফলস্বৰুপে তেওঁৰ শৰীৰৰ বহু অংগই কাম কৰা বন্ধ কৰি দিছিল।

অভিনেতা গোখলেই বলীউডৰ কেইবাখনো ছবিত অভিনয় কৰিছিল। ইয়াৰ ভিতৰত সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ‘হম দিল দে চুকে সনম’ পৰা ‘ভূল ভূলীয়া’, ‘দিল ছে’, ‘দে দনা দন’, ‘অগ্নিপথ’, ‘মিছন মংগল’ আদি ছবি আছিল অন্যতম।

গোখলেৰ অভিনয় জীৱন অতি দীঘলীয়া। তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল চলিত বৰ্ষত মুক্তি পোৱা শিল্পা শ্বেট্টীৰ ছবি ‘নিকম্মা’ত।

গোখলেৰ পৰিয়ালৰ ৰাজেশ ডামলে কয় যে, “আন্তঃ দৰ্শনৰ বাবে বিয়লি ৪ বজাত পুনেৰ বালগন্ধৰ্ব ৰংমন্দিৰত তেওঁৰ মৃতদেহ ৰখা হ’ব আৰু সন্ধিয়া ৬ বজাত পুনেৰ বৈকুণ্ঠ শ্মশান ভূমিত শেষকৃত্য সম্পন্ন কৰা হ’ব।”