35 C
Guwahati
Thursday, October 14, 2021
More

    শ্বেৰশ্বাহত অভিনয় কৰা এইগৰাকী অভিনেতাৰ অদ্ভূত মন্তব্য, ‘মোৰ শৰীৰটো মন্দিৰ’

    শ্বেৰশ্বাহত অভিনয় কৰা এইগৰাকী অভিনেতাৰ অদ্ভূত মন্তব্য, ‘মোৰ শৰীৰটো মন্দিৰ’

    হিন্দী ছবিজগতৰ এগৰাকী বিশিষ্ট অভিনেতা। বহুকেইখন চিনেমা ধাৰাবাহিকত নিজৰ অভিনয়ৰ দক্ষতা দেখুৱাই থৈছে।

    বৰ্তমানৰ বহুল চৰ্চিত শ্বেৰশ্বাহতো অভিনয় কৰিছে এইগৰাকী অভিনেতাই। অভিনেত্ৰী কিয়াৰা আদৱানিৰ পিতৃৰ ভূমিকাত অৱতীৰ্ণ হৈছে লোকগৰাকী। নাম বিজয় জে. আনন্দ।

    সেই বিজয়েই এক অদ্ভূত মন্তব্য আগবঢ়াইছে। তেওঁৰ শৰীৰতো হেনো মন্দিৰ।

    কৰ’ণাৰ ভেকচিন সন্দৰ্ভত এইদৰে মন্তব্য কৰে অভিনেতা গৰাকীয়ে। তেখেতে কয়, ভেকচিনৰ নামত সৰ্ববৃহৎ ঘোটালা হৈ আছে। তেওঁ কোনোদিনে ভেকচিন গ্ৰহণ নকৰে।

    এক সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰি কয় যে,’ মোৰ শৰীৰটো এক মন্দিৰ, ইয়াত কোনো ধৰণৰ কেমিকেল প্ৰৱেশ কৰিব নিদিও।’

    ভেকচিন গ্ৰহণ নকৰাৰ বাবে তেখেতৰ কামতো বহুত বেয়া প্ৰভাৱ পৰিছে, তথাপি তেওঁ ভেকচিন গ্ৰহণ কৰাৰ পক্ষপাতী নহয়। ভৱিষ্যতেও কোনো ভেকচিন কাৰ্যসূচীত অংশ নলয় বুলি স্পষ্ট মন্তব্য কৰে।

    আৰু পঢ়ক : অশ্লীল ছবি নিৰ্মাণ কৰি কোটি টকা উপাৰ্জন কৰা ৰাজ কুন্দ্ৰাক অৱশেষত ৫০ হাজাৰ টকাৰ বণ্ডত জামিন প্ৰদান

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং