
দেশৰ ভিতৰতে সম্ভ্ৰান্ত পৰিয়াল হিচাপে খ্যাত বচ্চন পৰিয়ালক লগ এৰা নাই কৰ’ণাই। অমিতাভ বচ্চন আৰু অভিষেক বচ্চনৰ পিছত এইবাৰ হাস্পতালত ভৰ্তি কৰা হৈছে ঐশ্বৰ্য ৰায় আৰু তেওঁৰ কন্যা আৰাধ্যাক। মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে মাতৃ-কন্যাক।
দেহত কৰ’ণা ভাইৰাছ ধৰা পৰাৰ পিছতে দুয়ো হোম কোৱাৰেণ্টাইনত আছিল। এক সূত্ৰই সদৰি কৰা অনুসৰি তেওঁলোকে উশাহ লোৱাত অসুবিধা অনুভৱ কৰাৰ পিছতে হাস্পতালত ভৰ্তি কৰা হৈছে। বিগত প্ৰায় এসপ্তাহ ধৰি হাস্পতালত থাকি কভিডৰে যুঁজ কৰি আছে অমিতাভ বচ্চন আৰু অভিষেক বচ্চনে।
“ঐশ্বৰ্য আৰু আৰাধ্যাৰ দেহতো কৰ’ণা ধৰা পৰিছে। তেওঁলোক হোম কোৱাৰেন্টাইনত থাকিব।” এটা টুইট কৰি ১২ জুলাইত এই কথা সদৰি কৰিছিল অভিষেক বচ্চনে। লগতে তেওঁ মাতৃকে আদি কৰি পৰিয়ালৰ আন সদস্যসকলৰ কভিড পৰীক্ষাৰ ফলাফল নিগেটিভ লাভ কৰা বুলিও কৈছিল। ঐশ্বৰ্য আৰু আৰাধ্যাৰ শাৰীৰিক অৱস্থাৰ বিষয়ে অধিক তথ্য বৰ্তমানেও লাভ কৰিব পৰা হোৱা নাই।
Photo Credit: Hindustan Times