অতিকে ভয়ংকৰ, এচিড উতলাই তাত জলকীয়া পাইদাৰ মিহলাই ….

0
553

অতিকে ভয়ংকৰ, এচিড উতলাই তাত জলকীয়া পাইদাৰ মিহলাই ….

এক অতিকে লোমহৰ্ষক তথা ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। এগৰাকী পত্নীয়ে স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি কৰিলে এক গা শিয়ৰি উঠা কাণ্ড।

স্বামীয়ে দিয়া মন্তব্য অনুসৰি, গা ধোৱা ঘৰ চাফা কৰিবলৈ অনা এচিড উতলাই সেই উতলি থকা এচিডত জলকীয়া গুৰি মিহলাই স্বামীৰ শৰীৰত ঢালে পত্নীয়ে।

ঘটনা সংঘটিত কৰিয়ে ঘটনা স্থলীৰ পৰা পলায়ন পত্নীৰ। জানিব পৰা মতে, প্ৰায়ে স্বামী-স্ত্ৰীৰ মাজত কন্দল হৈ থাকে। প্ৰায়ে সুৰা পান কৰি আহি স্বামীয়ে পত্নীৰ ওপৰত অকথ্য নিৰ্যাতন চলাই।

যি কাৰ্যত অতীষ্ঠ হৈ এবাৰ ঘৰ এৰিও গুচি গৈছিল পত্নী। পাছত দুয়োৰে পৰিয়ালৰ হস্তক্ষেপত পৰিস্থিতি শান্ত হোৱাৰ পুনৰ একেলগে থাকিবলৈ লৈছিল স্বামী-স্ত্ৰী।

পাছে দিন বাগৰাৰ লগে লগে পুনৰ আৰম্ভ হয় সেই একেই ঘটনা। স্বামীয়ে পুনৰ সুৰা পান কৰি আহি পত্নীৰ ওপৰত আৰম্ভ কৰে মাৰপিট।

যাৰ বাবেই অৱশেষত পত্নীয়ে লয় এই গুৰুতৰ সিদ্ধান্ত। এচিড ঢালি দিয়ে স্বামীৰ ওপৰত। ততাতৈয়াকৈ পৰিয়ালৰ লোকে হাস্পতালত ভৰ্তি কৰায় লোকগৰাকীক।

চিকিৎসকে জানিব দিয়া মতে বৰ্তমানে লোকগৰাকী সংকটমুক্ত। চিকিৎসকে ইয়াকো কয় যে, পত্নীয়ে স্বামীৰ শৰীৰত ঢলা সেই পদাৰ্থ এচিড নহয়।

গৰম পানীতহে কোনো বিষাক্ত কেমিকেল মিহলি কৰি তেনেদৰে ঢালিছিল। যাৰ বাবেই স্বামীৰ অৱস্থা বৰ্তমানে সুস্থিৰ। অৱশ্যে সেই কি কেমিকেল আছিল সেই সন্দৰ্ভত পৰীক্ষা নিৰিক্ষা চলি আছে বুলিও সদৰি কৰে চিকিৎসকৰ দলে।